উত্তৰ পূৱত প্ৰথম বাৰৰ বাবে মুকলি হ’ল ক’ভিড১৯ৰ স্বতন্ত্ৰ হস্পিতাল

0 272

উত্তৰ পূৱত প্ৰথমবাৰৰ বাবে মুকলি হ’ল ক’ভিড১৯ৰ স্বতন্ত্ৰ হস্পিতাল। গুৱাহাটী চিকিংসা মহাবিদ্যালয়ৰ প্ৰাংগনত অৱস্থিত এই হস্পিতালখনত আছে ২০০খন ৬০টা আই চি ইউ।
 
 
 
হস্পিতালখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হস্পিতালখন মুকলি কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এইখনেই উত্তৰ পূৱৰ প্ৰথম খন ক’ভিড১৯ৰ হস্পিতাল। ক’ভিড১৯ৰ চিনটমিক ৰোগীৰ বাবে এই হস্পিতালখনত ধৰণৰ সেৱাৰ ব্যৱস্থা আছে।
 
 
 
উল্লেখযোগ্য যে  বৰ্তমানলৈকে ক’ভিডত ৯১০গৰাকী ৰোগী  আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে অধিকাংশ ৰোগী বৰ্হিৰাজ্যৰ পৰা অহা । কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ ১৫০কোটি টকা এই হস্পিতালখন নিৰ্মাণত ব্যয় হৈছে।
 
 
 
 
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নতুন শাখাটোত শীত তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা থকাৰ লগতে অতি বেঙুনীয়া ৰশ্মিয়ে বীজাণুনাশ কৰিব পৰা ব্যৱস্থাও সংযোজিত কৰা হৈছে।  ইয়াৰ দ্বাৰা চিকিৎসালয়খনৰ বায়ুৰ গুণগত মান উন্নত কৰাৰ লগতে বেক্টেৰিয়া প্ৰতিৰোধৰ ক্ষেত্ৰতো সহায় হ’ব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। আজিৰ উদ্বোধনী অনুষ্ঠানত পীয়ুষ হাজৰিকাৰ লগতে বহুকেইগৰাকী স্বাস্থ্য বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.