উদ্ভাৱনী মহোৎসৱ অনুষ্ঠিত

0 296

গুৱাহাটী আঞ্চলিক বিজ্ঞান কেন্দ্রই নেছনেল ইন’ভেশ্যন ফাউণ্ডেচনৰ সহযোগত আঞ্চলিক বিজ্ঞান কেন্দ্রৰ চৌহদত এই বৰ্ষৰ উদ্ভাৱনী মহোৎসৱ অনুষ্ঠিত হয় ।৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই মহোৎসৱৰ উদ্দেশ্যে হ’ল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শ্ৰেণীৰ লোকসকলৰ সৃষ্টিশীলতা বিকাশৰ বাবে এখন উমৈহতীয়া মঞ্চ দিয়া। মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইগৰাকী বিশিষ্ট উদ্ভাৱক,শিল্পীয়ে তেওঁলোকৰ উদ্ভাৱন সমূহ প্ৰদৰ্শন কৰে।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱখনিত দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন’ভেশ্যন বঁটা ২০২০ প্ৰদান কৰা হয় অৰুণাচলৰ হা টেড’ক।উল্লেখ্য হা টেডে প্ৰশাসনৰ চফ্ট ডট স্পাই নামৰ এবিধ নতুন সঁজুলি উদ্ভাৱন কৰিছে।যাৰ সহায়ত মটৰ চাইকেল তথা গাড়ীৰ গতিবেগ,লাইটৰ নিৰ্দেশনা সঠিকভাৱে আছেনে নাই তাক ৰেকৰ্ড কৰি ৰাখিব পাৰি।অৰুণাচলৰ এই গৰাকী যুৱ উদ্ভাৱকে একক উদ্ভাৱনী সঁজুলিৰ দ্বাৰা ৰাজ্যখনৰ লগতে সমগ্র দেশৰ যান বাহন আৰোহী তথা প্ৰশাসনৰ বাবে এক আশাৰ সঞ্চাৰ কঢ়িয়াই অানিছে।কালি বিয়লি সামৰণি অনুষ্ঠানত হা টেডক এই বঁটা প্ৰদান কৰে মীন,আবকাৰী,বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।অনুষ্ঠানত আঞ্চলিক বিজ্ঞান কেন্দ্রৰ আঞ্চলিক সমন্বয়ক বাসুদেৱ মণ্ডলৰ লগতে অন্যান্য বিশিষ্ট বিজ্ঞানীসকলো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.