উদ্যমী মহিলাৰ সমাৰোহ

0 238

WhatsApp Image 2018-01-29 at 9.12.54 PM

আজিৰে পৰা ন‌েডফি হাউচত আৰম্ভ হৈছে উত্তৰ পূব উদ্যমী মহিলাসকলৰ এক সমাৰোহ। ভাৰতীয় উদ্যমীতা প্ৰতিষ্ঠানৰ সহযোগত উদ্যোগ আৰু  বাণিজ্য বিভাগে আয়োজন কৰা সমাৰোহখনত বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যমীসকলে অংশ গ্ৰহণ কৰিছে। সমাৰোহৰ এক কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে চৰকাৰে মহিলা সৱলীকৰণৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে। তাৰ ভিতৰত advantage Assam অন্যতম। অনুষ্ঠানত ৩ গৰাকী সফল মহিলা উদ্যমীক সম্বৰ্ধনা জনায়। তেখেতে সকল হ’ল হেমপ্ৰভা দেৱী, মধুস্মিতা শইকীয়া আৰু বন্তি বৰদলৈ।

WhatsApp Image 2018-01-29 at 9.12.21 PM

লগতে মহিলাসকলক উৎসাহ জনোৱাৰ অৰ্থে বিভিন্ন ক্ষেত্ৰৰ উদ্যমী মহিলাক প্ৰতি বছৰে ক্ৰমে ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাৰ লগতে বটাঁ প্ৰদান কৰাৰ কথা ঘোষণা কৰে।অনুষ্ঠানত উপস্থিত থাকি বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে কেৱল মহিলা উদ্যমীৰ বাবে বামুনীমৈদামৰ ৮ বিঘা মাটিত এক মহিলাৰ হাব বনাব। বিভিন্ন প্ৰান্তৰ পৰা অহা উদ্যমী মহিলাসকলৰ সমাৰোহখন কালিলৈ অন্ত পৰিব।

Leave A Reply

Your email address will not be published.