উপৰহালীৰ গুৱাহাটী মহকুমা বজাৰ সমিতিৰ কাৰ্যালয় প্ৰাঙ্গণত গছপুলি ৰোপণ

0 253

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু গোলকীয় উত্তাপ ৰোধ কৰাৰ লগতে সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান চৌহদ যাতে গছ-গছনিৰে সেউজীয়া হৈ থাকে তাৰ বাবে “মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্প” নামৰ এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰা এই অভিলাসী কাৰ্যসূচীৰ অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসত সামৰণি পৰিব। সমান্তৰালভাৱে পলাশবাৰী উপৰহালীস্থিত গুৱাহাটী মহকুমা বজাৰ সমিতিৰ কাৰ্যালয় প্ৰাঙ্গণত আজি এক বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে। এটি বকুল গছৰ পুলি ৰোপন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই। ইয়াৰ পিছতেই অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ উপাধ্যক্ষ জয়ন্ত ডেকা, যুটীয়া সচিব বাবুল হুছেইন, উপ মুখ্য কাৰ্যবাহী বিষয়া পুলিন মুদিয়াৰ, অসম বিদ্যুৎ সংবহন নিগমৰ সঞ্চালক নৱ কুমাৰ বৈশ্য, গুৱাহাটী মহকুমা বজাৰ সমিতিৰ সম্পাদক মণ্টু তালুকদাৰ, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে উপস্থিত থাকি একোডালকৈ গছপুলি ৰোপন কৰে। উক্ত কাৰ্যসুচীত বজাৰ সমিতিৰ কাৰ্যালয়ত বিভিন্ন প্ৰজাতিৰ বহু কেইডাল গছপুলি ৰোপন কৰে। গছপুলি ৰোপন কৰি অসম ৰাজ্যিক কৃষি বজাৰ সমিতিৰ অধ্যক্ষ মনোজ বৰুৱাই কয় যে, আগন্তুক সময়ছোৱাত বহনক্ষম উন্নয়ণে সমগ্ৰ অসমতে এক চৰ্চিত বিষয় হৈ পৰিছে। গছপুলি ৰোপনৰে শ্যামলী চৌহদ গঢ়িব পাৰো। সেইয়া গছ পুলি ৰোপন কৰিলেই নহব, ইয়াক প্ৰতিপালন কৰি সেউজ আন্দোলন গঢ়ি তুলিব লাগিব। সেয়েহে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ সকলো কাৰ্যালয়তে পৰ্যায়ক্ৰমে গছপুলি ৰোপন কৰা হব বুলি জানিবলৈ দিয়ে বিপনন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই। কাৰ্যসূচীত কৃষি সামগ্ৰী বিপনন পৰিষদৰ কেইবাজনো বিষয়াসহ গুৱাহাটী মহকুমা বজাৰ সমিতিৰ বাণিজ্য বিষয়া অপূৰ্ব দাস, বিজয় দাস, অখিল তালুকদাৰ, কমল মহন্ত প্ৰমুখ্যে বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
বাতৰি যুগুতালে জিতুমণি দাসে।

Leave A Reply

Your email address will not be published.