উৎসৱৰ বতৰা

0 201

New Microsoft Office Publisher Document

অতীতৰ পৰম্পৰাক সুঁৱৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত উদযাপিত হ’ল কৰম উৎসৱ। কলাক্ষেত্ৰৰ বাকৰিত উদযাপিত হোৱা উৎসৱত বিভিন্ন পৰম্পৰাগত গীত, নৃত্য আদি বোৰ প্ৰদৰ্শিত হয়। লগতে কৰম উৎসৱৰ তাৎপৰ্য্য সম্পৰ্কে আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিয়ে জীতেন লামাই মন্তব্য কৰে যে- আদিবাসী সম্প্ৰদায়ৰ পূৰ্বে ভগৱান নাছিল, কোনো পূজ্য দেৱতা নাছিল। এবাৰ মোগলে আক্ৰমণ কৰোতে আদিবাসী সকলে নিজৰ প্ৰাণ, ধন সম্পত্তি ৰক্ষাৰ বাবে এজোপা গছৰ আশ্ৰয় লৈছিল। গছ জোপাৰ নাম আছিল কৰম গছ আৰু তেতিয়াৰ পৰা কৰম পূজা উদযাপিত হৈ আহিছে। বিশেষকৈ কৰম পূজা কৃষিৰ লগত জৰিত উৎসৱ। এয়া আছিল সংক্ষিপ্ত ভাৱে কৰম পূজাৰ কিছু কথা।

New Microsoft Office Publisher Document kj

আনহাতে সমাগত দূৰ্গা পূজাৰ প্ৰস্তুতিত এখন প্ৰতিমাই সকলোকে দৃষ্টি আৰ্কষণ কৰিছে। প্ৰায় ৯০ ফুট উচ্চতাত নিৰ্মিত এই প্ৰতিমা খন বিষ্ঞুপুৰ সৰ্বজনীন পূজা কমিটিৰ। প্ৰতি বছৰৰ দৰে পৰিবেশ সচেতনতাৰ মন্ত্ৰলৈ কেৱল বাঁহ আৰু বেতেৰে নিৰ্মাণৰ কৰিছে। প্ৰতিমা নিৰ্মাণৰ কামত ব্ৰতী আছে শিল্পী নুৰুউদ্দিন আহমেদে।

Leave A Reply

Your email address will not be published.