ৰাইজে নখ জোকাৰিলে নৈ বয়। এই কথাষাৰ প্ৰমান কৰি দেখুৱালে চতেমাৰী গাঁওবাসীয়ে। ইংৰাজ শাসন কালৰ পৰা ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে চলি আহিছে নলবাৰী চতেমাৰী গাঁওখন। দেওবাৰে স্থানীয়লোক তথা গাঁওখনৰ বাহিৰত থকা লোকসকলে একগোট হৈ দান, বৰঙনিৰে সাজি উলিয়ালে সুবিশাল মন্দিৰ।। গাঁওখনত বসবাস কৰা প্ৰতি ঘৰ ব্যক্তিয়ে শ্ৰম দান কৰি দেওবাৰে ব্যস্ত হৈ পৰে। বিপুল হৰ্ষ উল্লাহৰ মাজতে চতেমাৰী বুঢ়াগোপাল নামঘৰৰ চাদ বনোৱাত ব্যস্ত হল গাঁওবাসী। আৰ্থিক ভাবে টনকিয়াল নোহোৱা গাঁও এখনত এনেদৰে সুবিশাল মন্দিৰ বনোৱাটোৱে এক প্ৰকাৰ গাওঁবাসীৰ মিল তথা একতাৰ পৰিচয় দাঙি ধৰিছে।
খবৰ যুগুতালে- উৎপল হালৈ