Achiever Awards শীৰ্ষক অনুষ্ঠান

0 218

WhatsApp Image 2017-12-03 at 7.18.49 PM

আমি সদায় মাতৃভাষাক সদায় অগ্ৰাধিকাৰ দিব লাগে। মাতৃভাষাক প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। মাধ্যম কেতিয়াও সামাজিক কামৰ বাবে বাধা হ’ব নোৱাৰে। আমি সদায় চাৰিটা কথা লক্ষ্য ৰাখিব লাগে। সেই কেইটা হ’ল – মাক সদায় সন্মান দিব লাগে, নিজৰ সভ্যতা, সংস্কৃতি কেতিয়াও হেয় জ্ঞান কৰিব নালাগে। নিউজ আৰু ভিউজৰ মাজত দূৰত্ব ৰাখিব লাগে, নিউজত কেতিয়াও ভিউজ আগবঢ়াব নালাগে। চতুৰ্থতে নিউজ কেতিয়াও ৰহন সানি পৰিবেশন কৰিব নালাগে। সদায় ভাল কামক প্ৰশংসা কৰি প্ৰচাৰ কৰিব লাগে। যাতে অন্য ভাল কাম কৰাৰ প্ৰতি আগ্ৰহী হৈ উঠে। আনহাতে নেতিবাচক কাম বোৰ সদায় আলোচনাৰে, যুক্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ গৌৰৱময় ইতিহাস আছে। সেই ইতিহাসক কেতিয়াও আমি পাহৰি যাব নালাগে। এই মন্তব্য ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ। 

WhatsApp Image 2017-12-03 at 7.19.34 PM

আজি কলাক্ষেত্ৰত সাদিন প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা Achiever Awards শীৰ্ষক অনুষ্ঠানত এই মন্তব্য কৰে। উল্লেখ্যযোগ্য এচিভাৰ এৱাৰ্ড অনুষ্ঠান এইবাৰ ৫ম বাৰৰ বাবে অনুষ্ঠিত হৈছে। অনুষ্ঠানত সংবাদ ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা প্ৰতিদিন টাইম চেনেলৰ সাংবাদিক নয়ন প্ৰতীম কুমাৰ, সীমান্ত চৌধুৰী আৰু প্ৰতিদিন কাকতৰ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠক আৰু ৰয়েল পেগুক সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হয়। আনহাতে সমাজসেৱা শিতানত থকচম ৰমানে, অৰ্গেনিক ফাৰমানিংৰ ক্ষেত্ৰত চিকিমৰ ৰুথৰায়, কৰপাৰেট এৱাৰ্ড আদিত্য বিৰলা গ্ৰুপক, ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰমিলা দৈমাৰীক, সংগীত ক্ষেত্ৰত মেঘালয়ৰ লু মজাও, চলচিত্ৰৰ ক্ষেত্ৰত মুনীন বৰুৱাক, চিত্ৰশিল্পী বেণু মিশ্ৰলৈ, সাদিন জাৰ্ণেলিজিম এৱাৰ্ড য়াচি দৰজে থংচিয়ে আৰু লাইফ টাইম এচিভাৰ এৱাৰ্দ শিক্ষাবিদ, সংগীত শিল্পী ড০ বীৰেন্দ্ৰ নাথ দত্তক প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.