এক বিৰল উপহাৰ বস্ত্ৰত গীতা

0 308

হিন্দুসকলৰ অন্যতম ধৰ্মীয় গ্ৰন্থ হ’ল গীতা। এই পবিত্ৰ ধৰ্মীয় গ্ৰন্থখন সংস্কৃত ভাষাত বৈ উলিয়াইছে মৰাণৰ এগৰাকী শিপিনীয়ে।মৰাণৰ ফটিকাচোৱাৰ হেমপ্ৰভা চুতীয়া নামৰ শিপিনীগৰাকীয়ে সম্পূৰ্ণ গ্ৰন্থখন মুগা সুতা, গুণা আৰু টু প্লাইৰ সেউজীয়া ঊলেৰে বৈ উলিয়াইছে। উল্লেখযোগ্য যে ২০১৬ চনৰ ৪ ডিচেম্বৰৰ পৰা গীতা খন বোৱাৰ কাম হাতত লৈছিল আৰু ৪ জুলাইত বোৱাৰ কাৰ্য্য সম্পন্ন হৈছে। প্ৰায় ১৮০ মিটাৰ দৈৰ্ঘ্য আৰু ২ ফুট প্ৰস্থ কাপোৰত বৈ উলিয়াইছে। স্মৰ্তব্য যে সুতাৰ খৰচ বহন কৰিছে ডিব্ৰুগড়ৰ অধ্যাপিকা ৰুনুমা শৰ্মাই। এক টেলিফোনিক ভাৱে হোৱা সাক্ষাৎকাৰত হেমপ্ৰভা চুতীয়াই কয় যে এয়া হয়তো ভগৱানৰ অৱদান।ইয়াৰ পূৰ্বেও গুণমালা আৰু নামঘোষা খন বৈ উলিয়াইছিলো। 

ৰাইজৰ সহাঁৰি আৰু ভগৱানৰ কৃপাতে এনে কৰ্মভাগী কৰিবলৈ সক্ষম হ’লো। বহু নীতি নিয়ম পালন কৰি এই বস্ত্ৰখন বৈ উলিয়াইছো। মোৰ ইচ্ছা পৰৱৰ্তী সময়ত ঘৰতে সংগ্ৰহালয়ৰ ব্যৱস্থা কৰি সংৰক্ষণ কৰিম। গীতাভাগীৰ সামৰণিৰ অনুষ্ঠান ২৬ আগষ্টত ঘৰতে আয়োজন কৰিছো। ৰাইজৰ সহাঁৰি পালে উৎসাহিত হ’ম।স্মৰ্তব্য যে মূল্যৱান সমল সমূহ অকলে বৈ উলিওৱা হেম প্ৰভা চুতীয়া প্ৰথম গৰাকী অসমীয়া মহিলা। এই বিৰল উপহাৰৰ বাবে তেখেতক অফুৰন্ত শুভেচ্ছা জনালো।


 

সংগীতা শইকীয়া
সম্পাদক
এন ই ফকাচ ডট কম

Leave A Reply

Your email address will not be published.