এক লাখ নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আন এক দৃঢ় খোজ

0 167

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ ১লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে আজি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই জনতা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উচ্চ শিক্ষাৰ অধীনত ৯৪ গৰাকী সহকাৰী অধ্যাপক, ৰাজ্যিক শিক্ষা গৱেষণা প্ৰতিষ্ঠানৰ অধীনত ১o গৰাকী প্ৰবক্তা আৰু ২ গৰাকী পাঠ লেখকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে আগতে আমাৰ কিছু লাহে ধীৰে কাম কৰাৰ এক প্ৰৱণতা আছিল কিন্তু এতিয়া সেই প্ৰৱণতা আমাৰ মাজত নাই যাৰ ফলস্বৰূপে নতুন শিক্ষা নীতি প্ৰবৰ্তনৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে এক উল্লেখনীয় উদাহৰণ দাঙি ধৰিছে। তেওঁ লগতে উল্লেখ কৰে যে আমি এতিয়া আনক লক্ষ্য কৰি চলা সময় নহয় তাৰ পৰিৱৰ্তে প্ৰত্যাহ্বান‌ নেওচি আমি শীৰ্ষত উপনীত হব লাগিব। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে শিক্ষা বিভাগে প্ৰণালীবদ্ধ ভাৱে বিভাগটোক টনকিয়াল কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

তেওঁ নতুনকৈ নিযুক্তি প্ৰাপ্ত যুৱক যুৱতী সকলক উদ্দেশ্যে কয় যে জ্ঞানে হৈছে এক ডাঙৰ শক্তি যাৰ প্ৰয়োগেৰে তেওঁ প্ৰতি গৰাকী নিযুক্তি প্ৰাপ্ত যুৱক যুৱতীক সমাজ আৰু দেশৰ স্বাৰ্থত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় আৰু তেওঁলোকৰ নতুন কৰ্ম-জীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননীগোপাল মহন্ত, অতিৰিক্ত মুখ্য সচিব বিশ্ব ৰঞ্জন সামাল আৰু সচিবদ্বয় নাৰায়ন কোঁৱৰ, বনশ্ৰী নাথ প্ৰমুখ্যে অন্যান্য জ্যেষ্ঠ বিষয়াসকল আৰু বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.