এখন ব্যতিক্ৰমী বিয়া-য’ত সকলোৱে পৰিধান কৰিল জাতীয় সাজপাৰ

0 446

আধুনিকতাই গ্ৰাস কৰা আজিৰ সমাজত বিয়া বুলিলে জাক জমকতা,অত্যাধুনিক সাজ পাৰ পৰিধান কৰাৰ কথাই মনলৈ আহে।কিছু ক্ষেত্রত পূৰ্বৰ তুলনাত বিয়া এখনত পৰম্পৰা ধৰি ৰখাটো খুবেই কম পৰিলক্ষিত হয়।
তেনে সময়তে ধুবুৰীৰ গৌৰীপুৰৰ ৰূপসীত দেখা গ’ল এক অপূর্ব দৃশ্য।যোৱা ৪ জানুৱাৰীত অনুষ্ঠিত হোৱা এখন বিয়াত কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলে জাতীয় সাজ পাৰ পৰিধান কৰি বিবাহ কাৰ্য সম্পন্ন কৰিলে।
বিয়াখনত কইনাৰ লগতে সকলো মহিলা যুৱতীয়ে পাটানী পৰিধান কৰে।তাৰোপৰি পুৰুষসকলে গামোচা পৰিধান কৰা পৰিলক্ষিত হয়।এই বিশেষ বিয়াখন আছিল কমতা প্ৰডাকচনত শেহতীয়াকৈ কিছুমান টিক টক ভিডিঅ’ৰ জৰিয়তে জনপ্রিয়তা অৰ্জন কৰা অনামিকা ৰায়ৰ।বিয়াৰ দিনা অনামিকাক আশীৰ্বাদ দিবলৈ অহা কোচ ৰাজবংশী সাংস্কৃতিক জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু যুৱক যুৱতীয়ে জাতীয় সাজ পাৰ পাটানী,গামোচা পৰিধান কৰি আহে।ইয়াৰ দ্বাৰা তেখেতসকলে নিজৰ জাতীয় সাজ পাৰৰ এক সুকীয়া চিনাকী দিবলৈ প্ৰয়াস কৰিছে।
আচলতে এটা জাতিৰ পৰিচয় সংস্কৃতি,কৃষ্টি কলাপৰ লগতে সাজ পোছাকেৰেও দিব পাৰি।তাৰে এক ব্যতিক্রমী প্ৰয়াস ধুবুৰী গৌৰীপুৰ ৰূপসীবাসীৰ।এই ক্ষেত্ৰত কোচ ৰাজবংশীৰ এচাম নৱ প্ৰজন্মই নিজৰ জাতিটোৰ সুকীয়া মাত্ৰা দিবলৈ আপ্ৰাণ চেষ্টা কৰি আহিছে।আৰু এই চেষ্টাৰ ফলশ্রুতিতে আজি কোচ ৰাজবংশীয় কলা কৃষ্টিৰ লগতে সাংস্কৃতিক জগতখনকো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
খবৰ যুগুতালে ধুবুুৰীৰ পৰা দীপ মহন্তই..

Leave A Reply

Your email address will not be published.