এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱতীৰ যাত্ৰা

0 247

WhatsApp Image 2017-11-17 at 3.11.02 PM

এগৰাকী সুন্দৰী যুৱতী। গছৰ বাবেই যেন তাই জীৱন! সেয়েহে সম্ভৱত এই বিশেষ যুৱতী গৰাকীয়ে পৰিচয় দি ভালপাই যে গছৰ বাবেই জনম লভিছো, গছেই মোৰ জীৱন। যুৱতী গৰাকীৰ নাম শেৱালী কলিতা। পেছাত এগৰাকী সাংবাদিক। গছ সংৰক্ষণ, ৰোপন, আদিৰ বাবে গোটেই দেশ ভ্ৰমিছে। বৃক্ষ নামৰ বে-চৰকাৰী সংগঠনটো জন্ম দি সমাজৰ বাবে আপুনি, আমি ভাবি থকা বহুতো কাম কৰিছে। এই সম্পৰ্কত শেৱালী কলিতাই nefocus.com ৰ আগত এনেদৰে প্ৰকাশ কৰে… বৃক্ষ নামৰ সংগঠনটো গঠন কৰিছিল ২০১১ চনত।

WhatsApp Image 2017-11-17 at 3.12.04 PM

সৰুৰে পৰা মই প্ৰকৃতিপ্ৰেমী আছিলো। দেউতাৰ পৰা বৃক্ষক ভালপোৱাৰ আদিপাঠ শিকিছিলো। দেউতাৰ লগত লগ হৈ মোৰ গাঁৱত বহুত গছ লগাইছিলো, সংৰক্ষণ কৰিছিলো। শেৱালীয়ে কয়.. গুৱাহাটীৰ নিচিনা ঠাইত গছক ডাঙৰ কৰা, গছৰ পুলি ৰোৱা এটা প্ৰত্যাহ্বানৰ বিষয়। তথাপিও আমি বৃক্ষৰ বাবে কাম কৰি গৈ আছো। বৃক্ষ উৎসৱত (যোৱা বছৰত) যথেষ্ট কাম কৰিছো। ইয়াৰ উপৰিও ইণ্ডিয়া, ম্যানমাৰ, থাইলেণ্ডৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক গছ ৰোপনৰ জৰিয়তে স্থাপন কৰিছো।

WhatsApp Image 2017-11-17 at 3.11.42 PM

উল্লেখ্য যে, বৃক্ষ নামৰ সংগঠনটোৱে কেৱল গছ ৰোপনতে সীমাবদ্ধ নাথাকি, প্ৰতিপালনৰ দায়িত্বও পালন কৰে। যাৰ আপাহত মহানগৰীৰ বিভিন্ন অট’ ষ্টেণ্ডত গছৰ পুলি ডাঙৰ কৰিবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে, এই সংগঠনটোৱে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক (বৃক্ষৰ কাম কাজত) কৰাই এক নতুনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.