নিবনুৱা সমস্যাই বৰ্তমান সময়ত এক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে এগৰাকী বিবাহিত মহিলাৰ কৰ্মৰাজী সম্প্ৰতি চৰ্চালৈ আহিছে। স্বাৱলম্বীতা এক উদাহৰণ হৈ পৰিছে এইগৰাকী মহিলা। কলিয়াবৰৰ এইগৰাকী আদৰ্শবান ব্যতিক্ৰমী মহিলা হৈছে ৰিনা কলিতা। মহিলা হৈ ৰিনা কলিতাই ঘৰুৱা কামৰ মাজতে নিজকে আৱদ্ধ কৰি নাৰাখি নিজকে স্বাৱলম্বী কৰি তুলিবলৈ ১২ বছৰৰ আগতে এটা চিলাই মেচিনক সাৰথি কৰি লৈ আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা চলাইছিল। নিজৰ ঐকান্তিক প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ জড়িয়তে লাহে লাহে সফলতাৰ মুখ দেখিছিল এইগৰাকী মহিলাই। ক্ৰমাগতভাৱে এই ব্যৱসায় সম্প্ৰসাৰিত কৰি নিজ বাসগৃহতেই হাতত ল’লে পুতলা বনোৱাৰ এক নতুন ব্যৱসায়,লাভ কৰিলে সফলতা ।পৰৱৰ্তী পৰ্য্যায়ত পুতলা বনোৱাৰ প্ৰশিক্ষণো দিবলৈ আৰম্ভ কৰিলে ৰিনা কলিতাই ।সৃষ্টিশীল মনৰ অধিকাৰী এই গৰাকী মহিলা কিন্তু থমকি নৰ’ল,এইবাৰ আৰম্ভ কৰিলে সহজলভ্য সাধাৰন বস্তুৰে এক নতুন চিন্তা। এই সাধাৰন বস্তুখিনিকেই নিজৰ সৃষ্টিশীলতাৰে দিলে নতুন ৰূপ ।সাধাৰণ আইচক্ৰীমৰ একো একোডাল সৰু টুকুৰাই ৰিনা কলিতাৰ সৃষ্টিশীল হাতৰ পৰশ পাই ৰূপ ল’লে শৰাইৰ লগতে বিভিন্ন ধৰনৰ আকৰ্ষণীয় সামগ্ৰীলৈ ।লাহে লাহে এনেধৰণৰ সমগ্ৰীৰ চাহিদা বাঢ়িল বজাৰত যাৰ ফলত আৰ্থিকভাৱে লাভৱান হ’ল এইগৰাকী মহিলা ।ইয়াৰ পাছতেই আৰ্থিকভাৱে টনকীয়াল হৈ পৰা ৰিনা কলিতাই আৰম্ভ কৰিলে জাৰ্চী গাইৰ ব্যৱসায়। কলিয়াবৰৰ সৰুভগীয়া গাঁৱত আৰম্ভ কৰা এই ব্যৱসায়ে লাভ কৰিলে প্ৰসাৰতা। এই ব্যৱসায়ৰ লগত জড়িত হৈ নিজৰ লগতে আনকেইবাজনৰো স্বাৱলম্বীতাৰ পথ মুকলি কৰিবলৈ সক্ষম হ’ল এইগৰাকী মহিলা। জাৰ্চী গাইৰ ব্যৱসায় চলাই থকাৰ মাজতে মহিলাগৰাকীয়ে পুনৰ আৰম্ভ কৰিলে বতা চৰাইৰ ব্যৱসায়। বৰ্তমান সময়ত এই বতা চৰাইৰ ব্যৱসায়ে এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়তে ৰিনা কলিতাৰ ব্যৱসায়েও এক গতি লাভ কৰিলে ।চাকৰিৰ পাছত দৌৰি নাথাকি কেনেদৰে এগৰাকী মহিলা বা যুৱতী হ’লেও নিজকে প্ৰতিষ্ঠা কৰি স্বাৱলম্বী হ’ব পাৰে ৰিনা কলিতা এক উৎকৃষ্ট উদাহৰণ।
Trending
- কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক
- নৰ্থ-ইষ্ট অলিম্পিকত স্বৰ্ণপদক অর্জন নগাঁৱৰ পাহি কেওটৰ
- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক আলোচনা চক্ৰ সম্পন্ন
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ