অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত এডভান্টেজ আছাম ২.০: বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ৰ প্ৰচাৰৰ অংশ হিচাপে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি কলকাতাৰ হোটেল তাজ বেংগলত এক বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰে।
দুই শতাধিক বিনিয়োগকাৰী,ব্যৱসায়িক গোষ্ঠীৰ প্ৰতিনিধি,নীতি নিৰ্ধাৰক আৰু উদ্যোগ খণ্ডৰ বিশেষজ্ঞক সম্বোধি প্ৰদান কৰা ভাষণত মন্ত্ৰী সিংহলে কয় যে দক্ষিণ-পূব এছিয়ালৈ প্ৰৱেশদ্বাৰ হিচাপে দেশৰ ৰাজ্যসমূহৰ ভিতৰত ভৌগোলিকভাৱে অসম আটাইতকৈ সুবিধাজনক স্থানত অৱস্থিত। বিগত এটা দশকত অৰ্থনৈতিক বিকাশৰ দিশত অসমৰ দ্ৰুত উত্থান ঘটাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সমৃদ্ধিশালী আন্তঃগাঁথনি আৰু উদ্যোগ অনুকূল নীতিৰে অসম এতিয়া বিনিয়োগৰ বৃহৎ-নিৰ্ভৰযোগ্য গন্তব্যস্থানলৈ ৰূপান্তৰ হৈছে। ২০১৩-১৪ চনৰ ২৯ বিলিয়ন ডলাৰৰ পৰা ২০২৩-২৪ চনত ৬৮.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱা অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উপাদন ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত ৮৫.৮ বিলিয়ন ডলাৰ আৰু ২০৩০ চনৰ ভিতৰত ১৪৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে প্ৰতি সপ্তাহতে একোখনকৈ কেবিনেট বৈঠক আয়োজন আৰু প্ৰতিখন বৈঠকতে বহুসংখ্যক নীতি নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণেৰে প্ৰশাসনিক সংস্কাৰৰ দিশত অসম এতিয়া দেশৰ ভিতৰতে অগ্ৰণী ৰাজ্য। বিনিয়োগকাৰীসকলৰ বাবে ঔদ্যোগিক নীতি প্ৰদানৰ ক্ষেত্ৰত অসমে নিৰ্দিষ্ট আৰু ধৰাবন্ধা নীতিৰ সলনি বিনিয়োগকাৰীসকলৰ সহায়ক হোৱাকৈ পছন্দ অনুসৰি বাছি ল’ব পৰা (আ লা কাৰ্টে) ঔদ্যোগিক নীতি আগবঢ়াইছে।
মন্ত্ৰী সিংহলে আন্তঃগাঁথনি, উৎপাদন, নবীকৰণযোগ্য শক্তি আৰু মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল বিনিয়োগৰ দ্বাৰা পৰিচালিত অসমৰ বিকাশৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতমালা কাৰ্যসূচীৰ অধীনত যোগীঘোপাত ভাৰতৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় মাল্টি-ম’ডেল লজিষ্টিক পাৰ্ক, ভূটান-বাংলাদেশ ভ্ৰমণৰ সময় হ্ৰাস কৰা ধুবুৰী-ফুলবাৰী দলং, টাটাৰ ২৭,০০০ কোটি টকা বিনিয়োগৰ অৰ্ধপৰিবাহী প্ৰকল্প আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড কৰিডৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা উল্লেখ কৰে।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে সেউজ শক্তি আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ ভৱিষ্যতৰ দিনৰ দৃষ্টিভংগীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে, য’ত গ্ৰীণ হাইড্ৰজেন আৰু ইলেক্ট্ৰনিক্স চিষ্টেম ডিজাইন এণ্ড মেনুফেকচাৰিং, মহাকাশ, প্ৰতিৰক্ষা, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু তথ্য প্ৰযুক্তিৰ দৰে খণ্ডসমূহক বিনিয়োগৰ বাবে মূল ক্ষেত্ৰ হিচাপে উপস্থাপন কৰা হৈছে। তেওঁ লগতে ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্য, সাতখনকৈ ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিটা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰই সমৃদ্ধ কৰা বহনক্ষম পৰ্যটনৰ প্ৰতি দায়বদ্ধতাৰ কথাও নিজৰ ভাষণত উল্লেখ কৰে।
২০২৫ চনৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনলৈ বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাই তেওঁ কয় যে এই সন্মিলনৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে এক বৃহৎ ঝুমুইৰ নৃত্য প্ৰদৰ্শন কৰিব, যি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশ আৰু বিদেশৰ বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু উদ্যোগপতি উপস্থিত থাকিব।
মন্ত্ৰীগৰাকীয়ে অসমৰ সীমান্তত চুবুৰীয়া ভূটান চৰকাৰে গঢ় দিব খোজা আগন্তুক “ৱৰ্ড হেপীনেছ চিটি”ৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে, যি ছিংগাপুৰ আৰু ডুবাইৰ সৈতে প্ৰতিদ্বন্দ্বিতাত ফেৰ মাৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে।
এই সন্মিলনত ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, পশ্চিম বংগ ষ্টেট কাউন্সিলৰ সহ-অধ্যক্ষ শ্ৰীমতী সোণালী ঘোষালে আদৰণি ভাষণ প্ৰদান কৰে। সন্মিলনত অসম চৰকাৰৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহুৱে “এডভাণ্টেজ অসম” বিষয়ক এক বিস্তৃত প্ৰেজেণ্টেশ্যন আগবঢ়ায়। সন্মিলনত অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক পি বিজয় ভাস্কৰ ৰেড্ডীয়েও বক্তব্য আগবঢ়ায়।
আনহাতে অংশগ্ৰহণকাৰীসকলৰ অন্তৰংগ আলাপত তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী সিংহলে অসমৰ বিনিয়োগ নীতি, উদগণি আৰু বিনিয়োগ অনুকূল ব্যৱসায়িক পৰিৱেশৰ বিষয়ে বিনিয়োগকাৰীসকলৰ আত্মবিশ্বাস আৰু উৎসাহ বৃদ্ধি কৰে। ইয়াৰ পিছতে বিনিয়োগকাৰীসকলৰ সৈতে ধাৰাবাহিকভাৱে সুকীয়া সুকীয়াকৈ এলানি বৈঠক অনুষ্ঠিত হয়, য’ত উদ্যোগপতিসকলে অসম চৰকাৰৰ সক্ৰিয় পদক্ষেপৰ শলাগ লয় আৰু অসমত বিনিয়োগৰ প্ৰতি নিজৰ আগ্ৰহৰ কথা সদৰী কৰে। বহুসংখ্যক বিনিয়োগকাৰীয়ে এডভান্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰাৰ কথাও নিশ্চিত কৰে।
আজিৰ সন্মিলনত ইমামি লিমিটেড, সোনা ভেটছ, চিভিল ইঞ্জিনিয়াৰ্ছ এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড, গড্ৰেজ এগ্ৰ’ভেট লিমিটেড, কোট্ৰা কলকাতা, জিইই লিমিটেড, আনমোল ফিডছ প্ৰাইভেট লিমিটেড, মেণ্ডাইন ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড, হোটেল সোনাৰ বাংলা গ্ৰুপ আদি আগশাৰীৰ কোম্পানীয়ে অংশগ্ৰহণ কৰে। সন্মিলনত অংশগ্ৰহণ কৰা উদ্যোগ খণ্ডসমূহৰ ভিতৰত বস্ত্ৰশিল্প, শিক্ষা, অভিযান্ত্ৰিক, ফাৰ্মাচিউটিকেলছ, প্ৰসাধন, স্বাস্থ্যসেৱা, আন্তঃগাঁথনি, আতিথ্য আৰু প্ৰযুক্তি আদি খণ্ডৰ অধিকসংখ্যক প্ৰতিনিধি উপস্থিত আছিল।