এন আৰ এলৰ ক্ষমতা বৃদ্ধি আৰু সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে দ্বিতীয়টো কাৰ্গ’ অসমলৈ অনা হৈছে

0 219

নুমলীগড় শোধনাগাৰৰ ক্ষমতা বৃদ্ধি আৰু ইয়াৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ৭০০ মেট্ৰিক টনৰ বৃহৎ আকৃতিৰ
বৃহৎ ওজনৰ দ্বিতীয়টো কাৰ্গ’ভাৰত-বাংলাদেশ প্ৰট’কল জলপথ হৈ ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰয়েদি কঢ়িয়াই অনা হৈছে, যিয়ে আজি ইতিমধ্যে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ ধুবুৰী টাৰ্মিনেলত প্ৰৱেশ কৰিছে।এমভি টাইডেল ৱেভ IV জাহাজখনে এই বৃহৎ কাৰ্গ’কঢ়িয়াই আনিছে।

সুচল জলপথৰ জৰিয়তে এয়া নতুন পৰিৱৰ্তনৰ সূচনা হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱালে যোৱা ১৬ জুনত ধনশিৰি ঘাটত উপস্থিত হৈছিল আৰু নুমলীগড় শোধনাগাৰৰ বাবে জলপথৰ জৰিয়তে পৰিবহণ কৰা প্ৰথমটো বৃহৎ আকৃতিৰ কাৰ্গ’ অৰ্থাৎ অভাৰ ডাইমেনশ্যনেল কাৰ্গ’ (ওডিচি)ৰ আদৰণি জনাইছিল। চৰকাৰৰ উদ্যোগত নুমলীগড় ৰিফাইনেৰী লিমিটেড (এনআৰএল)ৰ ক্ষমতা ৩ মিলিয়ন মেট্ৰিক টনৰপৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ সম্প্ৰসাৰণৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।তাৰেই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত দেশৰ অভ্যন্তৰীণ জলপথৰ দায়িত্বত থকা ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (আইডব্লিউএআই) শোধনাগাৰটোৰ বাবে বৃহৎ আকৃতিৰ বৃহৎ ওজনৰ সামগ্ৰী কঢ়িয়াই আনিছে। যোৱা বছৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু এনআৰএলৰ মাজত শোধনাগাৰটোৰ বাবে মুঠ ২৪টা বৃহৎ আকৃতিৰ কাৰ্গ’ৰ লগতে বৃহৎ ওজনৰ কাৰ্গ’ (অ’ডব্লিউচি) পৰিবহণৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। 

এই প্ৰসংগত সোণোৱালে কৈছিল,অসমত এক স্মৰণীয় অধ্যায়ৰ সূচনা হৈছে, কিয়নো অভ্যন্তৰীণ জলপথ ব্যৱহাৰ কৰি কলকাতাৰ পৰা নুমলীগড়লৈ প্ৰথমবাৰৰ বাবে বৃহৎ আকৃতিৰ কাৰ্গ’ পৰিবহণ কৰা হৈছে। এয়া হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ দৃষ্টিভংগীৰ প্ৰকৃত উপলব্ধি আৰু এক সফল ৰূপায়ণ। যদিও নুমলীগড় শোধনাগাৰক অসমৰ এক শক্তি কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, এনআৰএল-ৰ সম্প্ৰসাৰণৰ বাবে নিৰ্ধাৰিত প্ৰায় ২৪টা বৃহৎ আকৃতিৰ কাৰ্গ’ আৰু বৃহৎ ওজনৰ কাৰ্গ’ৰ মসৃণ পৰিবহণৰ ব্যৱস্থাকৰণ অবিহনে কম সময়ৰ ভিতৰতে ইয়াৰ ক্ষমতা সম্প্ৰসাৰণ কৰাটো সম্ভৱ নহ’লহেঁতেন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ জলপথসমূহক শক্তিশালী আৰু পুনৰুজ্জীৱিত কৰাত গুৰুত্ব আৰোপ কৰি আমাৰ মন্ত্ৰালয়ে এই পৰিবহণ দ্ৰুত, ব্যয়সাপেক্ষ, সময়সাপেক্ষ আৰু মসৃণভাৱে সম্পন্ন কৰাত অগ্ৰাধিকাৰ দি আহিছে। নুমলীগড় শোধনাগাৰলৈ প্ৰথম অ’ডিচিৰ সফল আগমনৰ লগে লগে,জলপথৰ জৰিয়তে বৃহৎ দূৰত্ব অতিক্ৰম কৰি,অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ বিকাশক শক্তিশালী কৰাৰ এক নতুন পথ প্ৰশস্ত হৈছে আৰু অভ্যন্তৰীণ জলপথৰ ভূমিকা সুদূৰপ্ৰসাৰী হিচাপে বিবেচিত হৈছে।মই বিশ্বাস কৰোঁ যে, এই ব্যয়সাপেক্ষ, বহনক্ষম আৰু পাৰিপাৰ্শ্বিকভাৱে অনুকূল মাধ্যমৰ জৰিয়তে অসম তথা উত্তৰ-পূব অঞ্চলৰ দ্ৰুত পৰিৱৰ্তন সাধন হ’ব।

Leave A Reply

Your email address will not be published.