দেশৰ সৰ্ববৃহৎ যুৱ সংগঠন আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি ত এইবাৰ অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলেও ভৰ্ত্তি হ`ব পাৰিব । বৰ্তমান উত্তৰ পূৱৰ বাবে কেন্দ্ৰীয় চৰকাৰে জুনিয়ৰ ডিভিজন অৰ্থাৎ নৱম শ্ৰেণীৰ তলৰ ছাত্ৰ – ছাত্ৰীৰ বাবে প্ৰায় পাঁচ হাজাৰ পদত অনুমোদন দিছে । এই ঘোষণা কৰিছে এন চি চি ৰ শ্বিলংস্থিত উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান আৰু অসম সন্তান মেজৰ জেনেৰেল অনন্ত ভূঞাৰ । ৭ মে’ত এই ঘোষণা কৰি এ ডি জি মেজৰ জেনেৰেল অনন্ত ভূঞাই কয় ইয়াৰ ফলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও এন চি চি ত ভৰ্ত্তি হৈ ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হব পাৰিব । তেনেদৰে বাহিনীটোৰ জুনিয়ৰ ডিভিজনৰ কেডেটৰ বাবে বিশেষ গুৰুত্ব থকা ” এ ” প্ৰমাণ পত্ৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তাত আঁৰত হোৱাৰ পাছত পৰৱৰ্তী সময়ত উচ্চ শিক্ষাত নাম ভৰ্ত্তি , বা চাকৰিৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব । অৱশ্যে আন আন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত চৰকাৰে যিদৰে এন চি চি ত আৰ্থিক সাহায্য আগবঢ়াই ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত প্ৰথম পৰ্যায়ত তেনে ধৰণৰ সুবিধা ৰখা হোৱা নাই । ইয়াত কেডেট সকলৰ বাবে Self Financing আঁচনিৰ সুবিধাহে ৰখা হৈছে বুলি এ ডি জি অনন্ত ভূঞাই জানিবলৈ দিছে ।উল্লেখযোগ্য যে অনন্ত ভূঞাই বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুসৰি উত্তৰ পূৱত আন্তৰ্জাতিক সীমান্তৰে পৰিবেষ্টিত ৰাজ্যকেইখনত সীমান্তবৰ্তী অঞ্চলৰ শিক্ষানুষ্ঠানত নতুনকৈ এন চি চি ৰ শাখা স্থাপন কৰি কেডেট ভৰ্ত্তি অভিযানত আত্মনিয়োগ কৰিছে ।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন