ৰাজ্যত এন চি চি ক শক্তিশালী কৰাত সকলো ধৰণৰ সহায় কৰিব – মুখ্যমন্ত্ৰী

0 280

অসমত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীক ( এন চি চি ) শক্তিশালী কৰাত ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । আজি এন চি চি ৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) মেজৰ জেনেৰেল অনন্ত ভূঞাই দিছপুৰ সচিবালয়ত মুখ্যমন্ত্ৰীক কৰা সাক্ষাৎকালত এই আশ্বাস দিয়ে সৰ্বানন্দ সোনোৱালে।
 
 
আনহাতে সাক্ষাৎকালত অনন্ত ভূঞাই মুখ্যমন্ত্ৰীক অৱগত কৰে যে অসমত প্ৰশিক্ষণপ্ৰাপ্ত ৫০ হাজাৰ এন চি চি কেডেট আছে । তেওঁলোকক দক্ষতা বিকাশকে ধৰি যাবতীয় প্ৰশিক্ষণ দিলে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।এইবাৰ গোৱালপাৰাৰ সৈনিক স্কুলৰ পৰা ২২ জন কেডেট এন ডি এ লৈ নিৰ্বাচিত হোৱাৰ বিষয়েও অনন্ত ভূঞাই মুখ্যমন্ত্ৰীক অৱগত কৰে।
 
 
সাক্ষাৎতৰ সময়ত এন চি চিৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ জে চি তালুকদাৰ , অৱসৰপ্ৰাপ্ত ব্ৰিগেদিয়াৰ ৰঞ্জিত বৰঠাকুৰ উপস্থিত থাকে। উল্লেখযোগ্য যে দুমাহ পূৰ্বে এন চি চি ৰ উত্তৰ পূৱ মাণ্ডলিক এ ডি জি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মেজৰ জেনেৰেল অনন্ত ভূঞাই অসমকে ধৰি সাতোখন ৰাজ্যতে ক’ভিডৰ মাজতো বাহিনীটোক শক্তিশালী কৰাৰ বাবে বিৰামহীন ভাবে কাম কৰি আহিছে।

Leave A Reply

Your email address will not be published.