টীয়কৰ বেচৰকাৰী সংস্থা সুবাসৰ আদৰণীয় পদক্ষেপ

0 124

টীয়কৰ অন্যতম অৰাজনৈতিক বেচৰকাৰী সংস্থা সুবাসৰ উদ্যোগত আজি টীয়কৰ কেইবাগৰাকীও বিশেষ ব্যক্তিক  কিছু আৰ্থিক সাহাৰ্য আগবঢ়ায়।সন্থাটোৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি বিষয়ববীয়া তথা শুভাকাংক্ষী বৃহত্তৰ টীয়ক অঞ্চলৰ বাহ্মণ গাঁৱৰ অতি দৰিদ্ৰ বৃক্ক ৰোগত গুৰুতৰভাৱে অসুস্থ মণি শৰ্মা,মেলেং বালিচাপৰি দ -গাঁৱৰ বৃক্ক ৰোগী বিকাশ শৰ্মা, লাহদৈগড় দলৈ গাঁৱৰ দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত তপন বৰাক ১০,০০০ টকাকৈ আৰু কাকজান বাম কুকুৰাচৰা অঞ্চলৰ  শাক পাচলিৰ ব্যৱসায় কৰি আদৰ্শ দাঙি ধৰা ৰীতামণি বৰাক ২০,০০০ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে।
 
 
লগতে অনাগত দিনতো এনেদৰে বিপদত আৰ্তসকলৰ কাষত থিয় হৈ কায়িক মানসিক তথা অৰ্থিকভাৱে সকলো সময়তে সহায়ৰ হাত আগবঢ়াই যাব বুলি সংকল্পবদ্ধ হৈছে।সুবাসৰ এই পদক্ষেপক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.