ঐতিহাসিক শ্ৰীকৰচং সত্ৰই গ্ৰহণ কৰিলে উল্লেখনীয় পদক্ষেপ

0 380

নগাঁও জিলাৰ ৰাইদঙীয়াৰ ঐতিহাসিক শ্ৰীশ্ৰীকৰচুং সত্রৰ তৰফৰ পৰা আজি সত্রখনৰ অন্তৰ্গত ১০৯ ঘৰ দুখীয়া পৰিয়ালক সামৰ্থ অনুযায়ী ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে।
 
সত্র খনৰ ডেকা সত্রাধিকাৰ উৎপল গোস্বামী, সত্রৰ বায়ন নৃপাল গোস্বামী, ধন ভৰালী যজ্ঞ বৰা, সত্রৰ ভকত গণেশ মুদৈ আৰু ইন্দ্ৰ বৰাই সত্রৰ অন্তৰ্গত কৰচুংগাঁও, নহাটিগাঁও, শ্যাম কলিয়াগাঁও আৰু ভোগবাৰীগাৱৰ ১০৯ ঘৰলৈ খাদ্য সামগ্ৰী বিতৰণ কৰে।
 
সাম্প্ৰতিক ক’ৰণা ভাইৰাছৰ বাবে দেশৰ লক ডাউন অৱস্থাই দুখীয়া ৰাইজে  বিলাই বিপত্তি নোহোৱা কৰিছে। খাদ্য বস্তু আৰু টকা পইছাৰ অভাৱত বহু পৰিয়ালে এসাজ খাই এসাজ নোখোৱাকৈ থাকিব লগা হৈছে। এনে সময়ত শ্ৰীশ্ৰীকৰচুং সত্রই লোৱা এই পদক্ষেপক স্থানীয় সচেতন মহলে শলাগ জনাইছে।
নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈৰ প্ৰতিবেদন..

Leave A Reply

Your email address will not be published.