সমগ্র অসম, দেশ তথা বিশ্বৰ পৰা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো জাতি- জনগোষ্ঠীৰে অপায়-অমঙ্গল, ব্যাধি, বেমাৰ- আজাৰৰ লগতে কৃষকৰ কৃষি পথাৰত স্বচ্ছল খেতি-বাতি, বানপানীৰ বাবে কোনো বিপদ- বিঘিনি নোহোৱাৰ বাবে আজি দক্ষিণ কামৰূপৰ অন্যতম ধৰ্মানুষ্ঠান ৰামপুৰ সনাতন ধৰ্ম মন্দিৰত হোম যজ্ঞৰ লগতে ভেলদিয়া উৎসৱ উদযাপন কৰে। ১০৩ বছৰ গড়কা সনাতন ধৰ্ম মন্দিৰে পৰম্পৰাগতভাৱে আজিৰ পবিত্র পূৰ্ণিমা তিথিতে ভেল দিয়া উৎসৱ উদযাপন কৰি আহিছে। মহামাৰী ক`ৰণাৰ বাবে ক`ভিড প্ৰটকল মানি যথাবিহিত কাৰ্যসূচীৰে ধৰ্মীয় কাৰ্যসূচী ৰূপায়ন কৰে। পুৱা নিত্য নৈমিত্তিক পূজা-অৰ্চনাৰ লগতে হোম যজ্ঞ কৰা হয়। ভাগৱত পাঠ কৰে পাঠক প্ৰণৱ কলিতাই। পূজাৰ অন্তত ভেল উটুৱাই দিয়ে ঐতিহাসিক দৰা বিলত। অনুষ্ঠানত অংশ লয় “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)ৰ প্রধান সম্পাদক দীপক শৰ্মা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰভাষ চৌধুৰী, শৈলেন্দ্র কলিতা প্ৰভৃতিয়ে অংশ লয়। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অমৃত কলিতা আৰু সম্পাদক ৰূপম কলিতাই জনোৱা মতে- শতায়ু গৰকা সনাতন ধৰ্ম মন্দিৰে পৰম্পৰাগতভাৱে অতি মাঙ্গলিকভাৱে ৰাইজৰ সুমঙ্গলৰ বাবে পূজা-অৰ্চনা কৰি আহিছে। মহামাৰী ক`ৰণাৰ বাবে মূল ধৰ্মীয় কাৰ্যসূচী অটুট ৰাখি কাম কৰিছে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন