মৰিগাঁও অসামৰিক চিকিৎসালয়ক শ্বহীদ তিলক-হেমৰাম-গুনাভিৰাম অসামৰিক চিকিৎসালয় ৰূপে নামকৰণ

0 295

৪২ ৰ গণ আন্দোলনত প্ৰাণ আহুতি দিয়া মৰিগাঁও জিলাৰ বৃহত্তৰ বাৰপূজীয়া অঞ্চলৰ তিনিগৰাকী শ্বহীদ ক্ৰমে তিলক ডেকা , হেমৰাম পাটৰ আৰু গুনাভিৰাম বৰদলৈ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে মৰিগাঁও বাসীয়ে মৰিগাঁও অসামৰিক চিকিৎসালয়খন স্বাধীনতা সেনানী তিনিগৰাকীৰ নামেৰে নামকৰণ কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগক জনাই অহা দাবীক স্বাস্থ্য বিভাগে স্বীকৃতি প্ৰদান কৰিছে ৷
এক আদেশ যোগে ( Memo No – HLA . 85/2019-22- A) স্বাস্থ্য বিভাগ আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব এ, গোৱেল আই এ এছে মৰিগাঁও অসামৰিক চিকিৎসালয়ক “ শ্বহীদ তিলক , হেমৰাম ,গুনাভিৰাম অসামৰিক চিকিৎসালয় , মৰিগাঁও নামকৰণ কৰি জাননী জাৰি কৰা হৈছে ৷ এই নিৰ্দেশনা ১ ছেপ্তেম্বৰ পৰা কাৰ্যকৰী কৰা হ`ব ৷ অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগে শ্বহীদ কেইগৰাকীক সন্মান জনাই এই পদক্ষেপ গ্ৰহণ কৰাত মৰিগাঁও জিলাবাসীয়ে সন্তুষ্টি ব্যক্ত কৰিছে৷

Leave A Reply

Your email address will not be published.