চেনি আৰু নিমখ এই দুয়োটাই মানুহৰ দৈনন্দিন জীৱনত খোৱাৰ বিশেষ উপাদান হিচাপে প্ৰভাৱ পেলায় আহিছে।নিমখ বহুতে খাই ভাল নাপালেও, আহাৰৰ সম্পূৰ্ণতাৰ বাবে নিমখ অতি প্ৰয়োজনীয় । সচৰাচৰ নিমখ বুলি ক`লে বগা আৰু ক`লা নিমখৰ কথা মনলৈ আহে।কিন্তু এই নিমখৰ ব্যৱসায়ে বিভিন্ন জনৰ মাজত জনপ্ৰিয় হৈ উঠিছে উত্তৰ পূবৰ এজন উদ্যমী। জানি সুখী হ’ব যে এই উদ্যমী জনে বাঁহৰ চুঙাত নিমখ ভৰাই এক ব্যতিক্ৰমী ধৰণৰ ব্যৱসায় আৰম্ভ কৰিছে। ত্ৰিপুৰাৰ গোমাতিৰ সমীৰ জামাতিয়া নামৰ এই যুৱক জনে ব্যতিক্ৰমী ব্যৱসায় আৰম্ভ কৰিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কোৰিয়াত প্ৰায় ১০০০ বছৰ পূৰ্বেই ভিক্ষুসকলে বেম্বো ছল্ট ব্যৱহাৰ কৰিছিল।জামাতিয়ে জনোৱা মতে এই নিমখ ব্যৱহাৰ কৰিলে গাৰ পৰা ওলোৱা দুৰ্গন্ধ, ছাইনাছইটিছ আৰু চুলি সৰাৰ সমস্যা নোহোৱা হয়।এই নিমখৰ প্ৰতি কিলোৰ মূল্য ১২০০ টকা।এক বিশেষ পদ্ধতিৰ জৰিয়তে এই নিমখবিধক পেকেজিং কৰি বজাৰত মুকলি কৰিছে।নিমখবিধ বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰী সমষ্টিত ৰিনিকি ভূঞা শৰ্মাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ