ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ ভাৰত জোড়ো যাত্ৰাই যোৱা ৭ ছেপ্তেম্বৰৰ পৰা আজি ১০০ দিন অতিক্ৰম কৰিলে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ১৪ খন ৰাজ্যৰ ১৫০ দিনৰ ৩৫০০ কিলোমিটাৰ ভাৰত জড়ো যাত্ৰাৰ নেতৃত্ব দিছে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে। এই যাত্ৰাত ৰাহুল গান্ধীৰ লগত ১১৯ জনীয়া টীমত ভাৰত যাত্ৰী হিচাবে যাত্ৰা কৰি আছে বৰঝাৰ বিমান বন্দৰৰ সমীপৰ তথা পলাশবাৰী সমষ্টিৰ বিকাশ নাথ যোগীয়ে। অসম ৰাজ্যিক এন.এছ.ইউ.আইৰ উপ-সভাপতি বিকাশ নাথ যোগীয়ে ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত দক্ষিণ ভাৰতৰ পৰা উত্তৰ ভাৰতলৈ ৮ ৰাজ্যৰ ৪৩ খন জিলাত প্ৰায় ২৮৫০ কিলোমিটাৰ খোজ কাঢ়িলে। ঐতিহাসিক ভাৰত জোড়ো যাত্ৰাই তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰি কেৰেলা, কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশৰ পিছত আজি ৰাজস্থানৰ জয়পুৰত প্ৰৱেশ কৰিছে । দেশক বিভাজন কৰিবলৈ ওলোৱা আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক ইচ্ছ্যুৰ বিৰুদ্ধে একত্ৰিত হৈ ৰাহুল গান্ধীৰ লগত লাখ লাখ মানুহে এই যাত্ৰাত সংগ দিছে। এই যাত্ৰাই নিৱনুৱা সমস্যা, মুদ্ৰাস্ফীতি, ঘৃণাৰ জৰিয়তে বিভাজন সৃষ্টি কৰাৰ ৰাজনীতি আৰু সংবিধান সুৰক্ষা, ৰাজনৈতিক ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে বিশেষ ভাৱে সম্বোধন কৰিব বিচাৰিছে। প্ৰাক্তন সৈনিক, অভিনেত্ৰী পূজা ভট্ট, প্ৰাক্তন ক্ৰিকেটাৰ আজাহৰ উদ্দিন, প্ৰখ্যাত অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক অমল পালেকৰ, ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনৰ দৰে বহু চিনাকি ব্যক্তিয়ে ৰাহুল গান্ধীক যাত্ৰাত সংগ দিয়ে। এই যাত্ৰাত বিপদকো নিওচি ৰাহুল গান্ধীৰ সৈতে খোজত খোজ মিলাই আগবাঢ়ি গৈছে অসমৰ বিকাশ নাথ যোগীয়ে। অহা বছৰৰ ২৬ জানুৱাৰীত কাশ্মীৰত ভাৰত জড়ো যাত্ৰাৰ সামৰণি পৰিব। এই যাত্ৰাত ৰাহুল গান্ধীৰ সৈতে অংশীদাৰ হোৱাত বিকাশ নাথ যোগীক শুভেচ্ছা জনাইছে বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, উপ-সভাপতি নৱজ্যোতি তালুকদাৰ, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম ৰাজ্যিক এন.এছ.ইউ.আইৰ সভাপতি কৃষাণু বৰুৱা আৰু এন.এছ.ইউ.আইৰ সাধাৰণ সম্পাদক তথা উত্তৰ-পূৰ্বাঞ্চল এন.এছ.ইউ.আইৰ তত্বাৱধায়ক অনুশেষ শৰ্মাই।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign