আজি জনস্বাস্থ্য কাৰিকৰী, চীড আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম্ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি অধিৱেশনত ভাষণ প্ৰদান কৰি মন্ত্ৰী বৰুৱাই কয় যে অসম সাহিত্য অসমীয়া জাতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। অসম সাহিত্য সভা সমগ্ৰ অসমীয়া সমাজখনক একত্ৰিত কৰি ৰখা এক অনুষ্ঠান।এইখন একমাত্ৰ অসমীয়া ভাষাৰ সাহিত্য সভা নহয় বৰঞ্চ ই অসমৰ সকলো সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এক অনুষ্ঠান তেনেক্ষেত্ৰত এই সকলো সংস্কৃতিৰ লোকসকলে নিশ্চিত কৰা উচিত যে সাহিত্য সভাৰ প্ৰতিটো অনুষ্ঠানত তেওঁলোকৰ ভাষা- সংস্কৃতিৰ বিষয়েও আলোচনা কৰা হয়। এইবাৰ সাহিত্য সভাৰ অধিৱেশন নাৰায়ানপুৰত অনুষ্ঠিত কৰাৰ প্ৰসঙ্গত মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে নাৰায়ণপুৰ গুৰু দুজনা মিলিত পোৱা এক পবিত্ৰ স্থান।এইবাৰ নাৰায়ণপুৰৰ দৰে এনে এখন ঐতিহ্যসম্পন্ন ঠাইত এই অধিৱেশন অনুষ্ঠিত কৰাটো গৌৰৱৰ বিষয়। অসম সাহিত্য সভাৰ কাৰ্যাৱলীৰ ওপৰত আলোচনা কৰি মন্ত্ৰী বৰুৱাই কয় যে অসমীয়া ভাষা-সাহিত্য তথা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ যথেষ্ট কৰণীয় আছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি