কংগ্ৰেছ দলে অসমত “কংগ্রেছৰ ৫ গেৰাণ্টি” শীৰ্ষক যাত্ৰাৰ উন্মোচন কৰে

0 260

অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে ৰাজ্যজুৰি “কংগ্রেছৰ ৫ গেৰাণ্টি” শীৰ্ষক যাত্ৰা আজি উন্মোচন কৰে।প্ৰদেশ কংগ্রেছৰ “অসম বচাও আহক” বাছ যাত্ৰাৰ দৰে “কংগ্রেছৰ ৫ গেৰাণ্টি” যাত্ৰাইও সমগ্ৰ অসমৰ তৃণমূল পৰ্যায়ৰ মানুহক চুই যাব। এই যাত্ৰাৰ জৰিয়তে জেষ্ঠ কংগ্রেছ নেতা সকলে অসমৰ প্ৰতি ঘৰলৈ কংগ্রেছৰ ৫ গেৰাণ্টি কাৰ্যকৰীকৰণক লৈ যাব। নিখিল ভাৰত কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্রেছ কমিটিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আজি এই যাত্ৰা উন্মোচন কৰে।
জিতেন্দ্ৰ সিঙৰ লগতে প্ৰদেশ কংগ্রেছৰ কেম্পেইন কমিটিৰ অধ্যক্ষ, সাংসদ প্ৰদ্যুত বৰদলৈ আৰু ইস্তাহাৰ কমিটিৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈয়ে পশ্চিম নগাঁও আৰু জাগীৰোডৰ পৰা মৰিগাঁওলৈ বাইক ৰেলীৰে এই যাত্ৰা আৰম্ভনি কৰে। প্ৰদ্যুত বৰদলৈয়ে মানুহৰ দুখ দুৰ্গতিৰ ওপৰত বক্তব্য ৰখাৰ লগতে ৰাজ্যখনত কংগ্রেছৰ চাকৰি গেৰাণ্টিৰ আশ্বাস দিয়ে। শাসকীয় চৰকাৰ খনৰ অপৰিপক্কতাৰ বাবে প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে দুৰ্বিহ জীৱন কটাব লগীয়া হৈছে।বৰদলৈয়ে কয় যে, শাসকীয় চৰকাৰখনৰ মিছা প্ৰতিশ্ৰুতিৰ বাদে মানুহৰ কথা শুনাৰ আহৰি নাই। বাজেটৰ ওপৰত অধ্যয়ন কৰি কংগ্রেছ দলে ৫ লাখ চৰকাৰী চাকৰি আৰু ব্যক্তিগত খণ্ডত ২৫ লাখ চাকৰি দিয়াৰ গেৰাণ্টি দিছে।বৰদলৈয়ে কয় যে, গৃহিনী সকলক সন্মান জনোৱা উচিত আৰু তেওঁলোক অৰ্থনৈতিক অনুদানৰ প্ৰাপ্য। সেইবাবেই কংগ্রেছ দলে ৫ গেৰাণ্টিৰ ভিতৰত অসমৰ গৃহিনী সকলক মাহিলী ২০০০ টকাকৈ আৰ্থিক অনুদান দিয়াৰ গেৰাণ্টি দিছে।
তেজপুৰৰ ঐতিহাসিক হলেশ্বৰ মন্দিৰত আশীষ গ্ৰহণ কৰি জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈয়ে দিনটোৰ দ্বিতীয় কাৰ্যসূচী হিচাপে তেজপুৰত এই যাত্ৰাৰ আৰম্ভনি কৰে। তাৰ পিছতে তেখেত সকলে নুৰবাৰী চাহ বাগিচাত উপস্থিত হৈ চাহ শ্ৰমিক সকলৰ লগত মত বিনিময় কৰি তেখেতসকলক আশ্বাস দিয়ে যে মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰাৰ ৩০ দিনৰ ভিতৰতে চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰী ৩৬৫ টকালৈ বৃদ্ধি কৰিব। শাসকীয় চৰকাৰ খনৰ ভুল নীতিৰ বাবে সৰ্বশ্ৰান্ত হোৱা ৰাইজৰ পৰিস্থিতি সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে, কংগ্রেছ দলে অসমৰ প্ৰতিঘৰ মনুহৰে ২০০ ইউনিট লৈকে বিজুলী বিল ৰেহাই দিয়াৰ গেৰাণ্টি দিছে। গৌৰৱ গগৈয়ে কয় যে বিজেপি দলে অসমীয়াৰ ওপৰত জাতিধ্বংসী “কা” আইন জাপি দিছে। কংগ্রেছ দল শাসনলৈ আহিলে “কা” আইন অসমত কাৰ্যকৰী হ’বলৈ নিদিয়ে।অসমৰ সমূহ সমষ্টিৰ প্ৰত্যেক ঘৰলৈ “কংগ্রেছৰ ৫ গেৰাণ্টি” শীৰ্ষক যাত্ৰাক লৈ যোৱা হ’ব। মানুহৰ আশা-আকাংক্ষা সমূহৰ বাৰ্তা বলিষ্ঠ ৰূপে প্ৰতিষ্ঠা কৰা হ’ব। “কংগ্রেছৰ ৫ গেৰাণ্টি: কিয় আৰু কেনেকৈ, আহক কথা পাতো” শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে মানুহক সজাগ কৰা হ’ব আৰু চৰকাৰ গঠন হ’লে এই গেৰাণ্টি সমূহ কাৰ্যকৰী কৰা হ’ব।

Leave A Reply

Your email address will not be published.