কটন বিশ্ববিদ্যালয়ৰ প্ৰাণীবিদ্যা বিভাগৰ উদ্যোগত তিনি ছেপ্টেম্বৰত ভাৰতীয় জ্ঞান প্ৰণালী (IKS) ওপৰত এক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত সমাজসেৱী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰ প্রচাৰক বশিষ্ঠ বুজৰবৰুৱাই অতিথি বক্তা হিচাপে ভাগ লৈ ভাষণত বিজ্ঞান আৰু প্ৰাচীন শাস্ত্ৰৰ মাজত পৰস্পৰ সম্পর্কৰ বিষয়ে আলোচনা কৰে আৰু কয় যে প্রাচীন গ্ৰন্থত সংৰক্ষিত জ্ঞান সাম্প্ৰতিম সময়তো প্ৰাসংগিক। সংস্কৃত ভাষাৰ প্ৰতিটো সংস্কৃতৰ শ্লোকৰে বৈজ্ঞানিক অৰ্থ আছে। ভাৰতৰ চহকী ঐতিহ্যই সাংস্কৃতিক ঐতিহ্যৰ ভিত্তি গঢ়ি তুলিছে । ইয়াৰ উদাহৰণ হিচাপে তেওঁ বৈদিক যুগৰ দাৰ্শনিক গাৰ্গী ৱাচক্নৱী আৰু গণিতজ্ঞ লীলাৱতীৰ নাম উল্লেখ কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই চমু ভাষণত প্ৰাচীন জ্ঞান পদ্ধতিৰ সমৃদ্ধিৰ বিষয়ে মত প্ৰকাশ কৰে। অনুষ্ঠানত প্ৰাণীবিদ্যা বিভাগৰ মুৰব্বী তথা জীৱবিজ্ঞান অনুষদৰ ডীন অধ্যাপক অৰূপ কুমাৰ হাজৰিকাই আদৰণি ভাষণত প্ৰাচীন ভাৰতীয় জ্ঞানোপলব্ধিৰ প্ৰাসংগিকতা সম্পৰ্কে আলোচনা কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সঞ্চালক ডঃ হীৰেন ডেকা প্ৰমুখ্যে অধ্যাপক-অধ্যাপিকা , গৱেষক আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাৰতীয় জ্ঞান প্ৰণালীৰ আধুনিক প্ৰাসংগিকতাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য