দেশত এক সুস্থ-সবল গণতন্ত্ৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ নিৰ্বাক আৰু SVEEPকোষৰ সহযোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত দিনৰ এক বজাত অনুষ্ঠিত উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে মূকাভিনয় প্ৰদৰ্শনৰ জৰিয়তে ভোটদানৰ ক্ষমতাৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়ে। উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি SVEEP কোষে ভোটদানত ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে এনে ধৰণৰ সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি আহিছে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন