দেশত এক সুস্থ-সবল গণতন্ত্ৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ নিৰ্বাক আৰু SVEEPকোষৰ সহযোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত দিনৰ এক বজাত অনুষ্ঠিত উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে মূকাভিনয় প্ৰদৰ্শনৰ জৰিয়তে ভোটদানৰ ক্ষমতাৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়ে। উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি SVEEP কোষে ভোটদানত ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে এনে ধৰণৰ সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰি আহিছে।
Trending
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting