ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা সন্দৰ্ভত কেইটামান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে

0 242

ৰাজ্যত জাৰি কৰা হ’ল নতুন ক’ভিড নিৰ্দেশনা ৷ মঙলবাৰে এক সংবাদমেলযোগে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নতুন নিৰ্দেশনা সম্পৰ্কে সদৰী কৰে ৷ এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত কিছুদিনৰ বিশেষকৈ বিগত এসপ্তাহৰ ক’ভিড (Covid) সম্পৰ্কীয় সকলো তথ্য-পাতি পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা সন্দৰ্ভত কেইটামান বিশেষ সিদ্ধান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ৰাজ্যত আগন্তুক সাত দিনৰ বাবে অৰ্থাৎ 16-22 জুনৰ ৰাতিপুৱা 5 বজা পৰ্যন্ত বাহাল থাকিবলগীয়া লক ডাউনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেইটামান নতুন নিয়ম বান্ধি দিছে ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে জানিবলৈ দিয়া নতুন নিৰ্দেশনাসমূহ হ’ল-
কণ্টেইনমেণ্ট জ’নৰ ক্ষেত্ৰত বিশেষকৈ নগৰ অঞ্চলত যদি কোনো এটা এলেকাত ক’ভিড আক্ৰান্তৰ সংখ্যা যদি 5 শতাংশ বৃদ্ধি হয় বা গাঁও অঞ্চলত 10 শতাংশ বৃদ্ধি হয়, তেতিয়া সেই অঞ্চলটো উপায়ুক্তসকলে কণ্টেইনমেণ্ট জ’ন (Containment Zone) হিচাপে ঘোষণা কৰিব ৷ আৰু কণ্টেইনমেণ্ট জ’নত পাবলগীয়া সকলো সা-সুবিধা তাত উপলব্ধ হ’ব ৷
সান্ধ্য আইনৰ ক্ষেত্ৰত কেইটামান পৰ্যায় ভাগ কৰি দিয়া হৈছে ৷ গুৱাহাটী মহানগৰ জিলাত বৰ্তমান দ্ৰুতগতিত ক’ভিড সংক্ৰমণ হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইনৰ (Curfew)ৰ সময় সলনি কৰা হৈছে ৷ দিনৰ 2 বজাৰ পৰা পিছদিনা পুৱা 5 বজালৈ সান্ধ্য আইন থাকিব আৰু তাৰ সান্ধ্য আইন বলবৎ হোৱাৰ এঘণ্টা আগত বাকী দোকান-পোহাৰ বন্ধ কৰিব লাগিব ৷দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, চৰাইদেও জিলাকেইখনত সান্ধ্য আইনৰ সময়সীমা অধিক ৰেহাই দিয়া হৈছে ৷ সন্ধিয়া 5 বজাৰ পৰা পিছদিনা ৰাতিপুৱা 5 বজালৈ সান্ধ্য আইন বলবৎ কৰা হ’ব ৷ 12 ঘণ্টা বন্ধ থকাৰ পৰিৱৰ্তে 12 ঘণ্টা খোলা থাকিব ৷ ঠিক সেইদৰে আৰু 5 খন জিলা কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা অধিক কঠোৰ পৰ্যবেক্ষণ কৰা হ’ব ৷ যদিহে 21 জুনলৈকে সংক্ৰমণৰ হাৰ হ্ৰাস নহয়, তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ’ব ৷ হয়তো সম্পূৰ্ণ লক ডাউনৰ পৰ্যায়লৈ যোৱাৰ সম্ভাৱনা আছে ৷
বাকী জিলাসমূহতো একেধৰণে দিনৰ 1 বজাৰ পৰা পিছদিনা পুৱা 5 বজালৈ বৰ্তমান চলি থকা সান্ধ্য আইন বাহাল থাকিব ৷যিসকল কৰ্মচাৰীয়ে ক’ভিডৰ দুয়োপালি প্ৰতিষেধক লৈছে, সেইসকল কৰ্মচাৰী কাৰ্যালয়লৈ অহাৰ আহ্বান জনোৱা হৈছে ৷ গৰ্ভৱতী মহিলা আৰু 5 বছৰ বয়সলৈ থকা সন্তান আৰু বিশেষভাৱে সক্ষম লোকৰ ক্ষেত্ৰত এই ব্যৱস্থা প্ৰযোজ্য নহ’ব ৷ ইয়াৰোপৰি ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব ৷ অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত পূৰ্বৰ নীতি বাহাল থাকিব ৷ হোটেল, ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰতো পূৰ্বৰ নিয়ম বাহাল থাকিব ৷ সাপ্তাহিক বজাৰ আৰু অন্যান্য বজাৰ বন্ধ থাকিব ৷আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত অনুসৰি 22 জুনৰ ৰাতিপুৱালৈ আন্তঃজিলা যাতায়াত একেদৰে বন্ধ থাকিব ৷ অন্যান্য ব্যৱস্থাসমূহ একেই থাকিব ৷ চাহ বাগিচা বা উদ্যোগ আদি পূৰ্বে নিৰ্ধাৰণ কৰা নীতি অনুসৰি চলি থাকিব৷

Leave A Reply

Your email address will not be published.