ক’ভিড আক্ৰান্তৰ প্ৰতি সমমৰ্মিতা- ঢকুৱাখনাৰ মনিশ ট্রেডিংৰ খাদ্য সম্ভাৰ বিতৰণ

0 205

লখিমপুৰ জিলাৰ ঢকুৱাখনা নগৰৰ ক`ভিড আক্ৰান্ত আৰু জিলা প্ৰশাসনৰ দ্বাৰা আবদ্ধ এলেকা ঘোষিত বহুকেইটা পৰিয়ালৰ মাজত বুধবাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে ঢকুৱাখনা নগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীক প্ৰতিষ্ঠান
মনিশ ট্রেডিঙে । বুধবাৰে বিয়লি প্ৰতিষ্ঠানখনৰ অন্যতম মুখ্য স্বত্বাধিকাৰী মনিশ জৈনে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সামাজিক দায়িত্ববোধ পালন কৰি নিজস্ব প্ৰচেষ্টাত নগৰৰ বহুকেইটা ক`ভিড আক্ৰান্ত আৰু আবদ্ধ ঘোষিত পৰিয়ালৰ লগতে দুখীয়া পৰিয়ালৰ মাজত চাউল ,দাইল, নিমখ, মিঠাতেল, চয়াবিন ,পিয়াঁজ ,হালধি আদি খাদ্য সম্ভাৰৰ টোপোলা বিতৰণ কৰে । সামাজিক ব্যৱধান মানি স্বাস্থ্য বিধি পালন কৰি নিজৰ লগতে আনৰো স্বাস্থ্য সুৰক্ষিত কৰাৰ আহ্বান ৰাখি উদীয়মান ব্যৱসায়ী গৰাকীয়ে অনাগত সময়ত প্ৰয়োজন সাপেক্ষে অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে । যুৱ ব্যৱসায়ী গৰাকীৰ এনে প্ৰয়াস অন্যান্য সকলৰ বাবেও অনুকৰণীয় হিচাপে ধৰা দিছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.