ক’ভিড ১৯ৰ ঔষধ প্ৰস্তুত কৰিব

0 259

সমগ্ৰ দেশতে ক’ৰণাৰ ভয়াৱহ বৃদ্ধিৰ সময়ছোৱাত দেশবাসীৰ বাবে আছে এটা সুখবৰ। ক’ভিড১৯ ভাইৰাছৰ পৰা উপশমৰ বাবে ঔষধ প্ৰস্তুত কৰিব গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ নামৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে। স্মৰ্তব্য যে যিসকল লোকে কম পৰিমাণে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে তেওঁলোকে ব্যৱহাৰ কৰিলে সুফল পাব। ইতিমধ্যে গ্লেনমাৰ্কে ক’ভিড১৯ৰ ৰোধৰ বাবে Favipiravir (ফেভিপিৰাভিৰ) নামৰ এই ঔষধবিধ প্ৰস্তুত কৰাৰ বাবে অনুমতি লাভ কৰিছে।
 
 
ক’ভিড১৯ৰ কিছু লক্ষণ থকা  ডায়েবেটিছ আৰু হৃদৰোগৰ ৰোগী সকলে এই ঔষধবিধৰ জৰিয়তে উপশম পাইছে। আনহাতে কোনো লোকে যদিহে যিকোনো ভাইৰেল ৰোগত আক্ৰান্ত হয় তেতিয়াহ’লে সেইসকল আক্ৰান্তকাৰী লোকে এই ঔষধবিধ ব্যৱহাৰ কৰি মাত্ৰ ১ৰ পৰা ৪দিনৰ ভিতৰত আৰোগ্য লাভ কৰিব পাৰে । ইতিমধ্যে(ফেভিপিৰাভিৰ)য়ে ৮৮ শতাংশ লোককে সুস্থ কৰি তুলিছে।
 
 
ইতিমধ্যে এইক্ষেত্ৰত এক ক্লিনিকেল ট্ৰায়েলৰ কাৰণে গ্লেনমাৰ্কে তেওঁলোকৰ নিজৰ প্ৰডাক্ট সমূহ ভাৰতীয় ড্ৰাগ ৰেগুলেটৰলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে  ইয়াৰ বাবে অনুমতি লাভ কৰিছে বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে বিগত ২০১৪ চনৰ পৰাই জাপানত Favipiravir(ফেভিপিৰাভিৰ)ক ক’ভিড১৯ৰ দৰে সংক্ৰমিত ভাইৰাছৰ পৰা প্ৰতিকাৰ লাভ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে ব্যৱহাৰ কৰি অহা হৈছে।

Leave A Reply

Your email address will not be published.