ক’ভিড ১৯ ৰ গ্ৰন্থ লিখি বিশ্বজুৰি সমাদৰ লাভ কৰিছে অসম সন্তানে

0 318

লকডাউনৰ মাজতে অসমক বিশ্ববাসীৰ আগত গৌৰৱাম্বিত কৰিছে এগৰাকী অসম সন্তানে। গোলাঘাট জিলা চকলিয়া পথাৰৰ শ্যাম গাঁৱৰ কনচেং শ্যাম নামৰ যুৱকজনে ক’ভিড ১৯ৰ সম্পৰ্কত এখন গ্ৰন্থ লিখি উলিয়াছে।
 
 
 
The Globalization and COVID-19 as Cataclysm  শীৰ্ষক এই গ্ৰন্থখনে বিদেশত বহু সমাদৰ লাভ কৰিছে। জানিব পৰা মতে এই গ্ৰন্থখন জাৰ্মান,ৰাছিয়ান,পতুৰ্গীচ,স্পেনিছ, ফ্ৰান্স আদি বিভিন্ন ভাষালৈ অনুবাদ হৈছে।
 
 
জাৰ্মান প্ৰকাশন পৰিষদে এই ক্ষেত্ৰত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছে। এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্যামে এনেদৰে কয় -বিশ্বত সংঘটিত হোৱা বিভিন্ন ধৰণৰ মহামাৰীৰ সম্পৰ্কে গ্ৰন্থ খনত লিপিবদ্ধ কৰিছো। বিশেষকৈ ক’ভিড ১৯ ৰ সম্পৰ্কে বিভিন্ন গৱেষণালব্ধ জাৰ্নেলত ব্যৱহাৰ কৰা  তথ্য গ্ৰন্থখনত  সন্নিবিষ্ট কৰিছো।
 
 
 
 
স্মতৰ্ব্য যে কনচেং শ্যামে কৰ্টৰ এল ডি চাকৰি পৰিত্যাগ কৰি সম্প্ৰতি গ্ৰন্থ লিখাৰ কামত ব্যস্ত হৈ আছে। লক ডাউনৰ সময়ত কনচেনং শ্যামে গ্ৰহণ কৰা এই পদক্ষেপক সমগ্ৰ বিশ্ববাসীয়ে প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.