ভাৰতৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰয়াণ দিনৰ লগত সংগতি ৰাখি কালি কামৰূপ জিলাৰ কমলপুৰৰ দ্বিগুণপাৰাৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত আৰু শ্ৰীশ্ৰীকৃষ্ণ নামঘৰ(মন্দিৰ)ৰ সহযোগত এখনি মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০বজাত স্বচ্ছ অভিযান মুকলি কৰে প্ৰাক্তন সেনা ত্ৰৈলোক্য কাকতিয়ে। ইয়াৰ পিচত যুৱ সমাজৰ পতাকা উত্তোলন কৰে সভাপতি অমূল্য কাকতি আৰু শ্ৰীশ্ৰীকৃষ্ণ নামঘৰ(মন্দিৰ)ৰ সভাপতি কপিল কাকতিয়ে।স্মৃতি-তৰ্পণ কৰে পুঠিমাৰী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক জগদীশ কুমাৰ ভৰালীয়ে।দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে এমট্ৰনৰ উপ-প্ৰবন্ধক তথা সাংস্কৃতিক সংবাদপত্ৰ “দাপোন” মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই।সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কামৰূপ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তাৰিণী চৰণ কলিতাই । প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত অংশ লৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক দীপক শৰ্মাই কয়- “একাংশ মানুহৰ মন-মগজুবোৰ বৰ্তমান ঠুনকা হৈ পৰিছে। আধ্যাত্মিক অনুষ্ঠানবোৰে সকলোৰে অন্তৰত সদ্ভাৱ জাগ্ৰত কৰে।পখিয়াচুবাৰ যুৱ সমাজৰ নতুন প্ৰজন্মৰ প্ৰতি কৰা চিন্তাই এদিন সকলোৰে বাবে পাথেয় হৈ ৰ’ব।” সভাত ভাষণ দি বিশিষ্ট শিল্পী তথা দিহানামৰ প্ৰশিক্ষক বাণী পাঠকে কয়- আমি শুদ্ধ ৰূপত যিকোনো বিষয় পৰিবেশন কৰিব লাগে। বঁটা পোৱা-নোপোৱাটো ডাঙৰ কথা নহয়। অৱসৰী শিক্ষক, সাংবাদিক প্ৰদীপ কুমাৰ ভৰালীয়ে আঁত ধৰা সভাত উপস্থিত থাকি বঁটা প্ৰদান কৰে কটন মহাবিদ্যালয়ৰ অৱসৰী কৰ্মচাৰী অমৃত দাস,বিশিষ্ট সমাজকৰ্মী লক্ষ্মীকান্ত দাস, কমলপুৰ জ্যোতি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গণিৰুদ্দিন আহমেদ, যুৱ সমাজকৰ্মী অতুল ব্ৰহ্ম কাকতি। দিহানাম প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে ৰাধাকৃষ্ণ দিহানাম দল, দ্বিতীয় সনাতনী দিহানাম আৰু তৃতীয় স্থান লাভ কৰে ত্ৰিনয়ন দিহানাম দলে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে নমামী দিহানাম দলে। দিনজোৰাকৈ অনুষ্ঠিত কাৰ্যসূচীসমূহ সুকলমে সম্পন্ন কৰাত ৰাইজৰ সহাঁৰিত আনন্দ প্ৰকাশ কৰে যুৱ সমাজৰ সভাপতি অমূল্য কাকতি, কাৰ্যকৰী সভাপতি ডিম্বেশ্বৰ কাকতি আৰু সম্পাদক দিপেন ভৰালীয়ে।
Trending
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি