কলা আৰু বিজ্ঞানৰ শীৰ্ষকৰ সাক্ষাৎকাৰ

0 232

আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল। কলা, বাণিজ্য, বিজ্ঞান এই তিনিটা শাখাত বিভিন্ন শিক্ষানুষ্ঠান উজলি উঠিল। উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক Nefocus.com ৰ ফালৰ পৰা অভিনন্দন জনালো। লগতে আগবঢ়ালো কলা আৰু বিজ্ঞান শাখাত শীৰ্ষ স্থান অধিকাৰ কৰা সম্প্ৰীতি ৰাজখোৱা আৰু অমৰ সিং থাপাৰ আছুতীয়া সাক্ষাৎকাৰ। আহকচোন জানো এই দুই মেধাৱীৰ মনৰ কথা।

Nefocus.com– তুমি প্ৰথম স্থান লাভ কৰিম বুলি ভাবিছিলা নে?

সম্প্ৰীতি ৰাজখোৱা- মোৰ এটা বিশ্বাস আছিল যে স্থান লাভ কৰিম কিন্তু কলা শাখাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিম বুলি ভবা নাছিলো।

Nefocus.com – তোমাৰ পঢ়া পদ্ধতিটো কেনে আছিল?

সম্প্ৰীতি ৰাজখোৱা– পঢ়াৰ বাবে মোৰ কোনো নিৰ্দিষ্ট ৰুটিন নাছিল। যেতিয়াই মন গৈছিল তেতিয়াই পঢ়িছিলো। মই ভাবো আত্মবিশ্বাসেই সফলতাৰ মাপকাঠি।

Nefocus.com– কলা শাখাত কি দৰে মাৰ্ক উঠাব পাৰি?

সম্প্ৰীতি ৰাজখোৱা- মুখস্থ বিদ্যা পৰিহাৰ কৰি প্ৰশ্নৰ উত্তৰ সমূহ নিজৰ ভাষাত লিখিব লাগে।

Nefocus.com -তোমাৰ ভৱিষ্যত পৰিকল্পনা কি?

সম্প্ৰীতি ৰাজখোৱা- মই সমাজবিদ্যা বিষয়ক মেজৰ লৈ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিম। ভৱিষ্যতে অধ্যাপক, শিক্ষক ন’হলে লিখক হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব বিচাৰিম।

প্ৰতি বছৰৰ দৰে এইবাৰ ৰামানুজন জুনিয়ৰ কলেজলৈ সুনাম কঢ়িয়াই আনিছে বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে। এই প্ৰসংগত অধ্যক্ষ দিলীপ কুমাৰ বৰাই এইদৰে কয় .. মই খুব আনন্দিত, ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ বাবে। ছাত্ৰ ছাত্ৰীৰ অপৰিসীম কষ্ট, শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগিতা আৰু অভিভাৱকৰ সহযোগৰ ফলত এনে ফলাফল লাভ কৰিবলৈ সক্ষম হ’লো।

ইফালে বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ’ল আজমল কলেজ অৱ আৰ্টচ, কমাৰ্চ এণ্ড চায়েন্সৰ ছাত্ৰ অমৰ সিং থাপা। তেওঁ লাভ কৰা সৰ্বোচ্চ নম্বৰ ৪৮৬। Nefocus.comৰ সৈতে হোৱা সাক্ষাৎকাৰত অমৰে এনেদৰে কয়-

Nefocus.com – দৈনিক কিমান ঘণ্টা অধ্যয়ন কৰিছিলা?

অমৰ সিং থাপা – দৈনিক ৯-১০ঘণ্টাকে অধ্যয়ন কৰিছিলো। কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাই মোক এই স্থানত উন্নীত কৰালে।

Nefocus.com – বিজ্ঞানৰ বিষয়বোৰ কিদৰে পঢ়িছিলা?

অমৰ সিং থাপা – নিয়মীত ভাবে অধ্যয়ন কৰিছিলো। বিজ্ঞানৰ সূত্ৰবোৰ সহজে বুজিবলৈ NCERT কিতাপ অনুসৰণ কৰিছিলো।

Nefocus.com -তোমাৰ জীৱনৰ লক্ষ্য কি?

অমৰ সিং থাপা -আই আই টিত অধ্যয়ন কৰিম।কেমিকেল ইঞ্জিনীয়াৰ হোৱাৰ লক্ষ্য আছে।

Leave A Reply

Your email address will not be published.