কাঁচিয়লি’ৰ শিশুনাট সমাৰোহৰ সফল সামৰণি-বাঁহেৰে নিৰ্মিত মঞ্চত মঞ্চস্থ হ’ল পাঁচখনকৈ শিশুনাট

0 65

নগাঁও জিলাৰ কাছমাৰীৰ বৰাগাঁৱত ২৬ জানুৱাৰীৰ পুৱাৰ পৰা অনুষ্ঠিত হোৱা ‘কাঁচিয়লি’ শিশুনাট সমাৰোহৰ বিয়লি সফল সামৰণি পৰে । সামাজিক-সাংস্কৃতিক অনুষ্ঠান কাঁচিয়লিৰ উদ্যোগত তৃতীয়টো বৰ্ষৰ বাবে পথাৰৰ নৰাৰ মাজত বাঁহেৰে নিৰ্মিত মঞ্চত মঞ্চস্থ হয় পাঁচখনকৈ শিশুনাট । পুৱা ১০.৩০ বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰে আৰম্ভ হয় নাট সমাৰোহৰ কাৰ্যসূচী।বন্তি প্ৰজ্বলন কৰে বৰক’লাৰ নাট্যশিল্পী দিলীপ লস্কৰে।পুষ্পাৰ্ঘ অৰ্পন কৰে পৰিচিত নাট্যকাৰ-পৰিচালক দীপক বৰাই। ইয়াৰ পিছতে একাংশ শিশুৱে পৰিৱেশন কৰে সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই ৰচনা কৰা আৰু শিক্ষক ভৱজিৎ কুমাৰ শইকীয়াই সুৰ সংযোগ কৰা ‘কাঁচিয়লি’ৰ শীৰ্ষ গীত ‘সেউজীয়া উশাহৰে এক ঠিকনা’ ।বিশিষ্ট নৃত্য পৰিচালক গৌৰৱ কুমাৰ হাজৰিকাই চমু বক্তব্যৰে মুকলি কৰে ‘কাঁচিয়লি’ ক্ষেত্ৰৰ নাট্যকৰ্মী ‘গণেশ হাজৰিকা সোঁৱৰণি মঞ্চৰ । এই প্ৰাকৃতিক পৰিৱেশ অনুকুল মঞ্চতে বৰজহাৰ কমলাবাৰী সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰদীপ কুমাৰ বৰা বৰবায়নক ২০২৬ বৰ্ষৰ কাঁচিয়লি বঁটা প্ৰদান কৰা হয়। বৰক’লাৰ প্ৰয়াত সমাজকৰ্মী গুণাৰাম লস্কৰৰ সোঁৱৰণত এই বঁটা শিল্পী গৰাকীক প্ৰদান কৰে সুদক্ষ অভিনেতা মনোজ কুমাৰ বৰদলৈ আৰু বঁটাৰ দাতা দিলীপ শিৰোমণি লস্কৰে।কাঁচিয়লি বঁটাৰ অংশৰূপে শিল্পী গৰাকীক নগদ ধন,চেলেং,স্মাৰক, সম্বৰ্ধনা পত্ৰ, গছপুলি, কাঁচিয়লিৰ প্ৰতীক পট প্ৰদান কৰা হয় । সাংবাদিক, নাট সমালোচক জ্যোতিপ্ৰসাদ বৰাই আঁতধৰা এই বিশেষ নাট সমাৰোহত উপস্থিত থাকে মধ্য অসমৰ দুই শতাধিক নাট্য অনুৰাগী।এইবাৰ কাঁচিয়লিৰ মঞ্চত প্ৰদৰ্শিত হোৱা নাট কেইখন হৈছে কাঁচিয়লিৰ নিজা প্ৰযোজিত দীপু বৰাৰ ৰচনা আৰু পৰিচালনাৰে ‘সন্ধিৰ বাঁহ বুদ্ধিৰে কাটোঁ আহ’, খালৈগাঁৱৰ লাচিত বৰফুকন মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ দ্বাৰা প্ৰযোজিত শিক্ষয়িত্ৰী নিৰ্মালি শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰ নাট ‘শেষ নোহোৱা সাধু’,মৰিগাঁৱৰ মুখা সাংস্কৃতিক কেন্দ্ৰৰ প্ৰযোজনাত মুকুন্দ নাথৰ ৰচনা আৰু পৰিচালনাত সপোন, পুৰণিগুদামৰ নৱসৃষ্টি নাট্যগোষ্ঠীৰ প্ৰযোজনাত সীমান্ত কলিতাৰ ৰচনা আৰু পৰিচালনাত ‘বিলাতলৈ যাব বুবু আৰু দিপালী’ আৰু অসম নাট্য সন্মিলনৰ কাঁচিয়লি শাখাৰ প্ৰযোজনাত ভৱজিৎ কুমাৰ শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰে মং ডুন চুন খাম। কাঁচিয়লিৰ তৃতীয় বৰ্ষৰ শিশুনাট সমাৰোহত উপস্থিত থকা দৰ্শকসকলক বাঁহৰ চুঙাত পানী পিবলৈ দিয়া, লাৰু-পিঠাৰে চাহৰ যোগান ধৰা আৰু বগৰী খুন্দাৰ সোৱাদ ল’বলৈ দিয়া দৃশ্য আছিল অতি মনোৰম ।অনুষ্ঠানটিৰ শেষত সকলোকে নিৰামিষ আহাৰ যোগান ধৰা হয় । এই নাট সমাৰোহৰ জৰিয়তে শতাধিক শিশুৰ অভিনয়ৰ প্ৰতিভা আৰু দক্ষতাই বিকাশ লাভ কৰে ।

বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.