পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ চৌহদত এছ এ এম ই টি আয়ে কাঠফুলা বা মাশ্বৰুম খেতি উৎপাদন কৰি আৰ্থিকভাবে স্বাবলম্বী হব পাৰে তাৰ বাবে বছৰযোৰা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। ইয়াৰ অংশ হিচাপে এছ এ এম ই টি আই সঞ্চালকালয়ৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ তত্বাৱধানত যোৱা ৪ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্তেম্বৰলৈ কাঠফুলা খেতিৰ এক তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। শিবিৰত বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলা বা মাশ্বৰুমৰ খেতি কৰি উৎপাদন বৃদ্ধিৰে কিদৰে আৰ্থিকভাবে লাভবান হব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হয়। ৪ ছেপ্টেম্বৰত প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ এছ এ এম ই টি আই ( SAMETI ) ৰ সঞ্চালক ৰাজীৱ কুমাৰ ভূঞা , বিশিষ্ট অতিথি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ মুৰব্বী ডo সোনমইনা ভূঞা , শস্য ৰোগ বিভাগৰ বিশেষজ্ঞ জুৰি তালুকদাৰ , এছ এ এম ই টি আইৰ প্ৰশিক্ষণ পৰিচালক নয়ন বড়োয়ে ভাগ লৈ উপস্থিত কৃষক সকলক কাঠফুলা খেতিৰ উৎপাদন বৃদ্ধিৰ বিভিন্ন কৌশল আদি বিষয় দাঙি ধৰে। প্ৰশিক্ষণ শিবিৰত ৭খন জিলা ক্ৰমে – তেজপুৰ,কামৰূপ,বাগচা, নলবাৰী,মৰিগাঁও, দৰং,নগাঁৱৰ ৩০ জন কৃষকে অংশগ্ৰহণ কৰে। শিবিৰত সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ বিজ্ঞানীকে ধৰি কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ কেবাজনো সফল মাশ্বৰুম উদ্যোগীয়ে এই প্ৰশিক্ষণত পাঠদান কৰে। আনহাতে ৬ ছেপ্টেম্বৰৰ বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত শিবিৰত ভাগ লোৱা প্রশিক্ষাৰ্থী সকলৰ মাজত মানপত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ,কামৰূপৰ মুৰব্বী ডঃ সোণমইনা ভূঞা, শস্য ৰোগ বিভাগৰ বিশেষজ্ঞা জুৰি তালুকদাৰ , বিজ্ঞানী মধুস্মিতা ডেকাকে ধৰি কেবাজনো বিজ্ঞানী উপস্থিত থাকে।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO