মেঘালয়ৰ বৰ্ণিহাটত অৱস্থিত সংৰক্ষণ প্ৰশিক্ষণ প্ৰতিস্থানৰ উদোগত তথা উদ্যান শস্য গৱেষণা কেন্দ্ৰ, কাহিকুছিৰ সহযোগত যোৱা ১৬ আগষ্টত অসম তথা অৰুণাচল প্ৰদেশৰ ১৭ গৰাকী ভূমি সংৰক্ষণ বিষয়াৰ বাবে এটা দিনজোৰা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। কাহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ চৌহদত আয়োজিত প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষাৰ্থী সকলক ভূমি আৰু জৈৱবৈচিত্ৰতা সংৰক্ষণৰ প্ৰায়োগিক জ্ঞান আৰু কৌশল প্ৰদান কৰা হয়। প্ৰশিক্ষাথী বিষয়াসকলক পুলিবাৰী ব্যৱস্থাপনা, কৃষি বনানীকৰন, সুনিৰ্দিষ্ট কৃষি প্ৰযুক্তি, উদ্ভিদৰ অংগজ বিস্তাৰ পদ্ধতি, জৈৱ উপাদান প্ৰস্তুত কৰণ আদি বিষয়ত সক্ষমতা বৃদ্ধি কৰা হয়। প্ৰশিক্ষণৰ লগত সংগতি ৰাখি প্ৰশিক্ষাথী সকলক বিভিন্ন প্ৰযুক্তিৰ লগত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেৰে ক্ষেত্ৰ ভিত্তিক প্ৰদৰ্শন কৰায় । প্ৰশিক্ষণ শিবিৰটো উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী সকলে পৰিচালনা কৰে।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ