অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমী মহিলা সকলৰ দক্ষতা বিকাশৰ বাবে বিগত বৰ্ষৰ পৰা কেতবোৰ বিশেষ আঁচনি গ্ৰহণ কৰি আহিছে । ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি ) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত পহিলা জুনৰ পৰা চলি আছে ১০ ৰ পৰা ১৫ দিনীয়াকৈ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী । প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ , কামৰূপ মহানগৰ , নলবাৰী , গোৱালপাৰা , বৰপেটা , ডিব্ৰুগড় , নগাঁও , কাৰ্বি আংলং , হোজাই আৰু বঙাইগাঁও জিলাৰ প্ৰায় ২০০ জনী মহিলাই ভাগ লৈছে । কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত , সূতা ৰং কৰা পদ্ধতি , সাজ পোচাক তৈয়াৰ কৰা , বেগ বনোৱা , বাঁহৰ দ্বাৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰী তৈয়াৰ কৰা , টেইলৰিং আদিৰ বাবে ১৫ আৰু ১০ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে । ইয়াৰে ৩০ জুনত ১০ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা তিনিটা বেটছ আৰু ১৫ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰা দুটা বেটছৰ প্ৰশিক্ষণৰ সামৰণি পৰিছে । একোটা বেটছত ১৫ ৰ পৰা ১৮ জনীকৈ মহিলাই ভাগ লৈছে । আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জু ৰাণী গগৈ , ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামী গামলাই , উপ সঞ্চালক অনুপম দত্ত , ফেকাল্টি সদস্যদ্বয় ডঃ ৰিদিপ বৰা আৰু মনোৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিষয়াই তদাৰক কৰি আহিছে । তেনেদৰে প্ৰশিক্ষণ কাৰ্যসূচীত সকলো দিশতে সহযোগিতা আগবঢ়াইছে ই টি চিৰ গাণনিকদ্বয় হেমেন বৈশ্য আৰু মনজিৎ পাঠকে । তেনেদৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন চমুকৈ এ এছ আৰ এল এমৰ অধ্যাপক ডঃ চন্দন ঠাকুৰীয়া আৰু বি পি এম গুণজিৎ ঠাকুৰীয়ায়ো সহযোগিতা আগবঢ়াইছে ।আনহাতে প্ৰশিক্ষণ কাৰ্যসূচী সমূহ কাঁহিকুছিৰ উপৰিও হোজাই , চাংসাৰী , চন্দ্ৰপুৰ , বৰপেটা , পাঞ্জাবাৰী ,গোৱালপাৰা,বঙাইগাঁও,কাৰ্বি আংলং আৰু নগাঁওত ভাগে ভাগে চলি আছে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ