কাঁহিকুছিৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত গাঁও পঞ্চায়তত স্বচ্ছ ভাৰত মিছন, জল জীৱন মিছনৰ সুসমন্বয় সাধনৰ ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী

0 319

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ (এছ. আই.পি.আৰ.ডি) অধীনস্থ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ ই.টি.চিয়ে বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ গাঁও পঞ্চায়ত সমূহক সবলীকৰণ আৰু আঁচনি সমূহ যাতে সফলভাবে ৰূপায়ণ হয় তাৰ বাবে সময়ে সময়ে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে । আনহাতে বিভাগীয় নিৰ্দেশনা অনুসৰি এইবেলি পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৰাজ্যত চলি থকা স্বচ্ছ ভাৰত মিছন গ্ৰামীণ (এছ.বি.এম- জি) আৰু জল জীৱন মিছনৰ (জে.জে.এম) সু সমন্বয় সাধনৰ বাবে ১৪ ফেব্ৰুৱাৰীৰ পৰা চলি আছে এক ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী। অহা ৩১ মাৰ্চত সামৰণি পৰিবলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ চাৰিখন জিলা ক্ৰমে- কামৰূপ , কামৰূপ মহানগৰ, মৰিগাঁও আৰু গোৱালপাৰা জিলাৰ ২৭ টা উন্নয়ন খণ্ডৰ অধীনৰ ২৮০ খন গাঁও পঞ্চায়তৰ সভাপতি, উপ সভাপতি আৰু একৰিডেটেড সহকাৰী অভিযন্তা, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ উপৰি সেই জিলা উন্নয়ন খণ্ড এলেকাৰ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ক্ষেত্ৰ বিষয়া সকলে ভাগ লৈছে। আনহাতে ই.টি.চিৰ অধ্যক্ষ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ দায়িত্ববাহী লালৰেম চিয়ামি গামলায়ে জানিবলৈ দিয়া মতে কাৰ্যসূচীত ভাগ লোৱা সকলোকে দুদিনকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মূলত পঞ্চায়ত সমুহক অধিক শক্তিশালী ৰূপত গঢ় দিবৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে। আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ বিশেষভাবে তদাৰক কৰিছে খানাপাৰাস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান চমুকৈ এছ.আই.আৰ.ডিৰ যুটীয়া সঞ্চালক (প্ৰশিক্ষণ) পবিত্ৰ কলিতাই। তেনেদৰে ই.টি.চিৰ ফেকাল্টি সকলৰ উপৰি প্ৰশিক্ষক হিচাপে জিলা পৰিষদৰ ডি.পি.এম আৰু বিভাগীয় বিষয়া সকলে প্ৰশিক্ষণ প্ৰদান কৰি আছে। ই. টি.চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলায়ে সদৰি কৰা অনুসৰি ই.টি.চি চৌহদৰ উপৰিও গোৱালপাৰা জিলাৰ বালিজানাৰ ডি.পি আৰ চি কেন্দ্ৰ, মৰিগাঁও জিলাৰ জিলা পৰিষদৰ সভাগৃহত এই প্ৰশিক্ষণ অনুষ্ঠিত কৰি অহা হৈছে।।ইয়াৰ উপৰিও মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন আৰু গোৱালপাৰা জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰেন দাসেও প্ৰশিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰিছে।আনকি গাঁও পঞ্চায়ত সমূহৰ বিষয়া- কৰ্মচাৰী সকলেও প্ৰশিক্ষণ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে।

Leave A Reply

Your email address will not be published.