মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৩৬ নং কাঁহিকুছি গাওঁ পঞ্চায়তৰ নৱনিৰ্মিত দুমহলীয়া কাৰ্যালয় গৃহটো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৮-১৯ বর্ষৰ ৪০ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰা কাৰ্যালয় গৃহটো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক কলিতাই ভাষণ প্ৰসংগত কয় যে কাঁহিকুছি গাওঁ পঞ্চায়তৰ অধীনৰ সৰ্বস্তৰৰ জনসাধাৰণৰ সুবিধাৰ হকে এই কাৰ্যালয় গৃহটো নিৰ্মাণ কৰা হৈছে । সকলো সুবিধা উপলব্ধ এই কাৰ্যালয়টো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মোৰো এক সপোন আছিল। আজি সেই সপোন ফলৱতী হ’ল। কাঁহিকুছিবাসী ৰাইজৰ আজি বহুদিনীয়া অভাৱ এটা পূৰণ হল বুলি মন্তব্য কৰে বিধায়ক কলিতাই। উল্লেখনীয় যে বিধায়ক কলিতাৰ কাৰ্যকালত নিৰ্মাণ হোৱা কাঁহিকুছি গাওঁ পঞ্চায়তৰ দু-মহলীয়া কাৰ্যালয়টোৱে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামকাজৰ এক স্বাক্ষৰ বহন কৰিব। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত গাওঁ পঞ্চায়তৰ ভিজিলেন্স এণ্ড মণিটৰিং কমিটিৰ সদস্য সুভাষ শৰ্মা, খণ্ড উন্নয়ন বিষয়া আজিজা বেগম, পঞ্চায়ত সচিব সুবোধ চন্দ্ৰ কলিতা, আঞ্চলিক পঞ্চায়তৰ সদস্য পৰমেশ্বৰ বৰ্মণ আৰু ৰজিদা বেগম, সহকাৰী কাৰ্যবাহী অভিযন্তা মণিকা ৰাজকোঁৱৰ, সহকাৰী অভিযন্তা নৱ লহকৰ, দক্ষিণ ভোলাগাওঁ গাওঁ পঞ্চায়তৰ সভাপতি অমৃত দলৈ, মাজিৰগাঁও গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্য, গড়ল গাওঁ পঞ্চায়তৰ সভানেত্ৰী তৰুলতা বৰুৱা আৰু ভিজিলেন্স এণ্ড মণিটৰিং কমিটিৰ সদস্য পৰেশ বৰুৱা উপস্থিত থাকে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি