দিল্লী মুম্বাইৰ এক্সপ্ৰেছ ৱে’ উদ্বোধন

0 138

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী-মুম্বাইৰ প্ৰথমছোৱা এক্সপ্ৰেছ ৱে’ৰ উদ্ধোধন কৰে। এই উদ্বোধনৰ পিছতেই এতিয়াৰে পৰা দিল্লীৰ আৰু জয়পুৰ মাজৰ দূৰত্ব কমিল। পূৰ্বৰ ৫ ঘণ্টা ৩০ মিনিটৰ ঠাইত এতিয়া কেৱল মাত্ৰ ৩ ঘণ্টা ৩০ মিনিটতেই দিল্লীৰ পৰা জয়পুৰলৈ যাব পৰা হ’ব । দিল্লীৰ পৰা ৰাজস্থানৰ দৌছা-লালছোট পর্যন্তহে বৰ্তমান প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছে এই পথ।

উদ্ধোধনৰ পিছতেই প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে, এতিয়া দিল্লীৰ পৰা জয়পুৰলৈ প্ৰতিদিনে যাব পৰা হ’ব আৰু দিল্লী-মুম্বাই এক্সপ্ৰেছ ৱে’ৰ প্ৰথমছোৱা ৰাষ্ট্ৰক সমৰ্পণ কৰিবলৈ পাই মই গর্বিত অনুভৱ কৰিছো”। লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পথৰ উন্নয়নৰ বাবে ৰাজস্থানক ৫০ হেজাৰ কোটি টকা দিছে । পৰিকাঠামোৰ উন্নয়ন যিমানে হ’ব, সিমানেই কর্মসংস্থাপন বঢ়াৰ লগতেই অৰ্থনৈতিক অগ্রগতিও বাঢ়িব বুলি তেওঁ লগতে কয় । উল্লেখযোগ্য যে, দিল্লী-মুম্বাই এক্সপ্ৰেছ ৱে’ ছখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যাব। ৰাজ্যকেইখন হ’ল- দিল্লী, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্রদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰ।

Leave A Reply

Your email address will not be published.