কাগজেৰে ক্ষুদ্ৰ চৰাই বনাই ৰেকৰ্ড কৰিলে ৰাজদ্বীপে

0 149

নলবাৰী জিলাৰ চামতা ইডেন ভেলী একাডেমীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰাজদ্বীপ কাশ্যপে অনন্য প্ৰতিভাৰ চানেকী দাঙি ধৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। নলবাৰী জিলাৰ খাটাৰূপীয়া বাথান নিবাসী তথা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ কৰ্মচাৰী অৰবিন্দ বৰ্মন আৰু শিক্ষয়িত্ৰী জুনু মেধি বৰ্মনৰ এক মাত্ৰ পূত্ৰ ৰাজদ্বীপ বৰ্মনক যোৱা ২৫ মে’ত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে অনন্য প্ৰতিভাৰ স্বীকৃতি প্ৰদান কৰে। উল্লেখ্য যে প্ৰতিভাৱান কিশোৰ ৰাজদ্বীপে ৬.৪ মিনিটত ৪ মিলিমিটাৰ কাগজৰ টুকুৰাৰে চৰাই(origami bird) তৈয়াৰ কৰি এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছ মতে ৭ মিনিটত ৫ মিলিমিটাৰৰ কাগজৰ চৰাই বনাইছিল আৰু পূৰ্বৰ সেই অভিলেখ ভংগ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰাজদ্বীপে।প্ৰতিটো শিশুৰ বাবে প্ৰেৰণা হৈ পৰা ৰাজদ্বীপৰ এনে প্ৰতিভাক সকলোৱে প্ৰশংসা কৰিছে।
বাতৰি যুগুতালে নলবাৰীৰ পৰা সংগীতা মেধিয়ে..

Leave A Reply

Your email address will not be published.