কাজিৰঙা বিশ্ববিদ্যালয় আৰু আইএফএছএৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ

0 177

আন এক উল্লেখযোগ্য গৱেষণা আৰু বিকাশৰ পদক্ষেপ লৈ নুমলীগড় ৰিফেইনাৰী লিমিটেডে (এন আৰ এল) কাজিৰঙা বিশ্ববিদ্যালয় (কে ইউ) আৰু ইনষ্টিটিউট অৱ ফ্ৰণ্টিয়াৰ ছায়েন্স এণ্ড এপ্লিকেচন (আই এফ এছ এ) ৰ সৈতে উত্তৰ-পূব ভাৰতত বায়ু শক্তিৰ সম্ভাৱনাৰ মূল্যায়ন শীৰ্ষক গৱেষণা প্রকল্প এটা আগবঢ়াই নিবলৈ বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে। আজি গুৱাহাটীৰ এন আৰ এল কৰ্পৰেট কাৰ্যালয়ত এনআৰএলৰ ছিনিয়ৰ চি জি এম (চি এ) নিকুঞ্জ বৰঠাকুৰ, কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ পি কে মিশ্ৰ আৰু ইনষ্টিটিউট অৱ ফ্ৰণ্টিয়াৰ ছায়েন্স এণ্ড এপ্লিকেচনৰ (আই এফ এছ এ) অধ্যক্ষ ড০ পি গোস্বামীৰ লগতে এন আৰ এলৰ সঞ্চালক (বিত্ত)সঞ্জয় চৌধুৰী আৰু কাজিৰঙা বিশ্ববিদ্যালয় তথা এন আৰ এলৰ জেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই চুক্তিপত্ৰ স্বাক্ষৰিত হয়।

এই বুজাবুজিৰ চুক্তি অনুসৰি, কাজিৰঙা বিশ্ববিদ্যালয়ে এন আৰ এলৰ পুঁজিৰে ইনষ্টিটিউট অৱ ফ্ৰণ্টিয়াৰ ছায়েন্স এণ্ড এপ্লিকেচন (আই এফ এছ এ) ৰ কাৰিকৰী সহযোগত এই প্রকল্পটো ৰূপায়ণ কৰিব, যাৰ লক্ষ্য হৈছে তিনি বছৰৰ বাবে মোবাইল লিডাৰ পৰ্যবেক্ষণ ব্যৱহাৰ কৰি নদীৰ পৰিৱেশত অসমত নিৰ্ভৰযোগ্য বায়ু শক্তিৰ মূল্যায়ন কৰা।

Leave A Reply

Your email address will not be published.