কাতি বিহু উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসী বিশেষকৈ ৰাজ্য খনৰ কৃষক সমাজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।আজি এক বিবৃতি যোগে মুখ্যমন্ত্ৰীয়ে কয় যে কাতি বিহুৰ পৱিত্ৰ চাকিৰ পোহৰে অসুয়া,অশান্তি আঁতৰাই সমাজক আলোকৰ পথেৰে অগ্ৰসৰ হ’বলৈ প্ৰেৰণা যোগায়। কৃষি ভিত্তিক এই উৎসৱ পালনৰ জৰিয়তে অসমৰ শস্য শ্যামলা পথাৰ সমূহ সোণ গুটিৰে উপচি পৰি ৰাজ্য খনৰ কৃষক সমাজক কৰ্মৰ পথাৰত আৰু অধিক উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।মুখ্যমন্ত্ৰীয়ে লগতে এই বিহু পালনৰ জৰিয়তে আমাৰ মাজত থকা শান্তি -সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰি অধিক সুদৃঢ় হ’ব বুলিও আশা প্ৰকাশ কৰে।বৃহত্তৰ অসমীয়া জাতিৰ সাংস্কৃতিক জীৱনধাৰাক উজ্জ্বীৱিত কৰা এই কাতি বিহু উদযাপনৰ জৰিয়তে ৰাজ্য খনক আৰু অধিক বিকাশৰ তথা উত্তৰণৰ যাত্ৰাৰে অগ্ৰসৰ হোৱাৰ বাবে প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত