উৎসৱৰ বতৰ।চাৰিওফালে পূজাৰ প্ৰস্তুতি চলিছে।বজাৰ ,শ্বপিং মল আদিত বিশেষ ৰেহাই চলি আছে।এই সময়ত চ’চিয়েল মেডিয়াত এজন অসমীয়াৰ যুৱকে বিশেষ চৰ্চা লাভ কৰিছে।কাৰণ বহুজাৰ্তিক কোম্পানীক প্ৰত্যাহবান জনাই মহানগৰীৰ যুৱকজনে আৰম্ভ কৰিছে পুৰুষৰ গাৰমেনচৰ উদ্যোগ।নবেল টেক্সটাইল নামৰ এই উদ্যোগটোত গেঞ্জি উৎপাদন হয়।এই সম্পৰ্কে আমি কথাপাতিছিলো উদ্যোগটোৰ স্বত্বাধিকাৰী প্ৰণৱ তালুকদাৰৰ সৈতে।তেখেতে আমাক এনেদৰে জনায়-বিশ্ব বিনিয়োগ সন্মিলনত হোৱা চুক্তি মৰ্মে টি টি কোম্পানীয়ে এই উদ্যোগটো় আৰম্ভ কৰাত সহযোগ কৰে।বৰ্তমান আমাৰ উদ্যোগটোত ৩০ জন ব্যক্তি কৰ্মৰত হৈ আছে।অসমৰ লগতে আগৰতলা,ডিমাপুৰ আদিলৈ আমাৰ কাপোৰ যায় ।টি টি কোম্পানী ৫০ বছৰৰ পুৰণি কোম্পানী।অসমত এনেধৰণৰ কোম্পানীৰ আৱশ্যকতা আছে।ইয়াৰ জৰিয়তে বহুতো নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব পাৰে।মই অসমক ভালপাও ,অসমৰ প্ৰতি থকা জাতীয়তাবোধৰ বাবে এনে এটা উদ্যোগ স্থাপন কৰাৰ বাবে মন মেলো।ব্যৱসায়টো প্ৰসাৰৰ বাবে এতিয়া ডিলাৰচিপৰ প্ৰয়োজন ।এই মন্তব্য প্ৰণৱ তালুকদাৰৰ।নতুন ধাৰণাৰে আগবঢ়া প্ৰণৱ তালুকদাৰক এই আপাহতে বহু শুভকামনা জনালো।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন