কাৰ্বি পাহাৰত মূল্যৱান প্লেটিনামৰ সন্ধান

0 251

অসমৰ অৰ্থনীতি ক্ষেত্ৰখনলৈ সুখবৰ কঢ়িয়াইছে প্লেটিনাম ধাতুৰ উদ্ভাৱনে।অসমৰ কাৰ্বি পাহাৰত প্লেটিনামৰ অৱস্থিতি নিশ্চিত কৰিছে ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে।বিশ্ববিদ্যালয়খনৰ প্ৰায়োগিক ভূ -তত্ব বিভাগৰ গৱেষকৰ অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে।এই সম্পৰ্কে প্ৰায়োগিক ভূ-তত্ব বিভাগৰ অধ্যাপক ড৹ দিলীপ মজুমদাৰে কয় যে প্লটিনাম অতি দুৰ্লভ ধাতু।পৃথিৱীৰ খুব কম সংখ্যক ঠাইতেহে প্লেটিনাম পোৱা যায়।প্লেটিনাম হীৰাতকৈ অধিক মূল্যৱান।সাধাৰণতে যন্ত্ৰাংশ নিৰ্মাণ,শল্য চিকিৎসাত ব্যৱহাৰ হয়।এনে ধৰণৰ আৱিস্কাৰে এটা নতুন ভাণ্ডাৰ সংযোজন কৰিলে।উল্লেখযোগ্য যে মজুমদাৰে ইতিপূৰ্বে কাৰ্বি পাহাৰত তামৰ অনুসন্ধান চলাইছিল।অৱশ্যে প্লেটিনামৰ বিষয়ে সবিশেষ তথ্যৰ বাবে অধিক গৱেষণাৰ প্ৰয়োজন আছে।

Leave A Reply

Your email address will not be published.