কামৰূপত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্যায়ত বঁটাৰ প্ৰৱৰ্তন

0 263

কামৰূপৰ স্বাস্থ্য সেৱাৰ বাবে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্য়ায়ত নতুনকৈ এক বঁটা প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বছৰটোৰ প্ৰতি মাহতে প্ৰদান কৰিবলগীয়া এই বঁটা প্ৰথমবাৰৰ বাবে লাভ কৰিছে কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই।

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ বাবে জিলাৰ ভিতৰত শ্ৰেষ্ঠ ৰূপে বিবেচিত কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা কালি এই বঁটা আনুষ্ঠনিকভাৱে প্ৰদান কৰা হয়। কামৰূপৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আযোজিত এখন সভাত অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ গুনিন্দ্ৰ দেৱ শৰ্মাকে ধৰি জিলা আৰু খণ্ড পৰ্যায়ৰ স্বাস্থ্য বিষয়াসকলৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে।

সভাত বঁটা গ্ৰহণ কৰি কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড স্বাস্থ্য বিষয়া আৰু ব্লক ডাটা মেনেজাৰে এই ব্যৱস্থাই স্বাস্থ্য সেৱাৰ লগত জড়িত লোকসকলক বিশেষ উৎসাহ প্ৰদান কৰিব বুলি উল্লেখ কৰে।

উপায়ুক্ত কাৰ্তিকে আগন্তুক দিনত জিলাখনৰ সকলো স্বাস্থ্য কেন্দ্ৰই আগতকৈও অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে স্বাস্থ্য সেৱাত ব্ৰতী হৈ জিলাখনৰ লোকসকল স্বাস্থ্যবান হৈ থকাৰ ক্ষেত্ৰত বৰঙণি যোগাই যাব বুলি আশা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.