অহা ১৪ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় কাৰাটে (পুৰুষ-মহিলা) চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত ১১ জনীয়া দলটো কাইলৈ পুৱাৰ ভাগত হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় অভিমুখে ৰাওনা হ’ব । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র-কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে জানিবলৈ দিয়া মতে কাবুল দাস আৰু ভাগ্যশ্ৰী শইকীয়াৰ নেতৃত্বত কাইলৈ যাবলগীয়া দলটোত আছে ক্ৰমে চান্দনী জৈন , হিমাংশু চহৰীয়া , ভৃগু চহৰীয়া , ৰাহুল আমিন , চানী শৰ্মা , প্ৰাচুৰ্য গগৈ , চফিকুল ৰহমান , মাছুমা বেগম , নৱজ্যোতি মেচ , ৰজীৰাণী শইকীয়া আৰু জোনমণি দাস । হাৰিয়ানাৰ কুৰুক্ষেত্ৰ অভিমুখে যাত্ৰা কৰিবলগীয়া কাৰাটে দলটোৱে যাতে সুনাম কঢ়িয়াই আনিব পাৰে তাৰবাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰতাপজ্যোতি সন্দিকৈ , পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ আৰু ছাত্র -কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে আন্তৰিক শুভেচ্ছা জনাইছে ।
Trending
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ