কামৰূপৰ কমলপুৰ আৰু ছয়গাওঁত আদৰ্শ বিদ্যালয় উদ্বোধন বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

0 186

অসম চৰকাৰৰ ৩৮ খন নতুন মাধ্যমিক বিদ্যালয় মুকলি কৰা অভিলাষী আঁচনিৰ অংশ হিচাপে আজি কামৰূপৰ কমলপুৰত এখন আদৰ্শ বিদ্যালয় পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্বোধন
কৰে।

আদৰ্শ বিদ্যালয়ৰ খনৰ শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে স্বাধীনতাৰ ৭৫ বছৰ পিছত এনে ধৰণৰ পদক্ষেপ গ্ৰহন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে আৰু আদৰ্শ বিদ্যালয় সমূহে গাওঁ আৰু চাহ বাগিছা অঞ্চলত
গুণগত শিক্ষা প্ৰদানেৰে শিক্ষাৰ্থী সকলক লাভান্বিত কৰিব বুলি কয়।এতিয়াৰে পৰা দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়েও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে চিবিএচইৰ অধীনত ইংৰাজী মাধ্যমত চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহন কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে । আদৰ্শ বিদ্যালয় সমূহক সফল কৰি তোলাৰ ক্ষেত্ৰত শিক্ষক, ছাত্ৰ-ছাত্ৰী,অভিভাৱক আৰু সমাজৰ সকলোৰে সন্মিলিত প্ৰচেষ্টাৰ প্ৰয়োজন বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

উল্লেখযোগ্য যে কামৰূপ জিলাত এই বছৰ ৪ খন আদৰ্শ বিদ্যালয় আৰম্ভ কৰা হৈছে।মন্ত্ৰী পাটোৱাৰীয়ে আজি বিদ্যালয় খনিৰ মুখ্য দ্বাৰ মুকলি কৰাৰ লগতে গছ পুলি ৰোপণ , বিদ্যালয়ৰ চৌহদত থকা পুখুৰীত ৰাজ হাঁহ এৰি দিয়া আদি কাৰ্যসূচী ৰূপায়ণ কৰে।আনহাতে আদৰ্শ বিদ্যালয় খনিৰ উদ্ধোধনৰ দিনাই চাৰি গৰাকী শিক্ষকৰ লগতে চাৰিগৰাকী কৰ্মচাৰিক নিযুক্তি প্ৰদান কৰা হয়।

ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰা আজিৰ এই অনুষ্ঠানত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া,ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মন আৰু অন্যান্য ব্যক্তিসকল উপস্থিত থাকে।ইয়াৰ পিছত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী গৰাকীয়ে আজি কামৰূপ জিলাৰে ছয়গাওঁৰ গৰৈমাৰিত অন্য এখন আদৰ্শ বিদ্যালয় উদ্বোধন কৰে।এই অনুষ্ঠানত ছয়গাওঁৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.