কামৰূপৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত সোনাপুৰ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন

0 54

বিশ্ব এইডছ দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত আৰু  সোনাপুৰ মহাবিদ্যালয়ৰ সহযোগত আজি দিনযোৰা বিভিন্ন কাৰ্যসুচীৰে উদযাপন কৰা হয়। । পুৱা ১০-৩০ বজাত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জাতীয় সংগীতেৰে আৰম্ভণি  হয় এখন মুকলি সভা। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দীপজ্যোতি ডেকাই মুকলি সভাখনৰ আঁ‌ত ধৰি  প্ৰথেমে সভাৰ উদ্দেশ্য বাখ্যা কৰে । সভাত আদৰণি ভাষণেৰে এইচ আই ভি, এইডছ বিষয়ে ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেবব্ৰত খনিকৰে। তেখেতে এইচ আই ভি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৰ্তমান যুৱসমাজৰ মাজত গৱেষণাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰে। ভাৰত আৰু অসমত এইচ.আই.ভি.-ৰ বৰ্তমানৰ দৃশ্যপট সম্পৰ্কে বিস্তৃত ব্যাখা কৰে কামৰূপ জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ মৃদুল ভাৰতী নাথে। সভাত  কামৰূপ জিলা এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ গোটৰ প্ৰগেম বিষয়া মৃদুলা চহৰীয়াই  এইচ আই ভি, এইডছৰ সজাগতা আৰু সচেতনতাৰ সৰ্ম্পকে বিস্তৃত ব্যাখা আগবঢ়োৱাৰ লগতে কামৰূপত জিলাত এইচ আই ভি আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই আহিছে বুলি অৱগত কৰে। মঞ্চত উপস্থিত থকা  জিলা আইনী সেৱা কৰ্তৃপক্ষৰ পৰামৰ্শদাতা নীলোৎপল ভৰদ্বাজে  এইচ.আই.ভি./এইডছ আইন -২০১৭ ৰ বিষয়ে ভাষণ প্ৰদান কৰে। লগতে বেচৰকাৰী সংন্থাৰ ‘ৰুৰেল মাল্টিমেডিয়া পাব্লিচিটি এণ্ড প্ৰম্যোশ্যন’ (Rural Multimedia Publicity and Promotion)’ ৰ প্ৰগেম মেনেজাৰ ৰিজুৱানা চুলতানাই এইচ আই ভি, এইডছৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বেচৰকাৰী সংন্থাৰ ভূমিকা  আৰু ‘সংহত পৰামৰ্শ আৰু পৰীক্ষা কেন্দ্ৰ’ পৰামৰ্শ দাতা ধৰিত্ৰী দাসে ‘সংহত পৰামৰ্শ আৰু পৰীক্ষা কেন্দ্ৰ’ৰ ভূমিকা সম্পৰ্কে ভাষন প্ৰদান কৰি  উপস্থিত ৰাইজক এইচ আই ভি, এইডছ প্ৰতি অধিক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনায়। । লগতে উক্ত মুকলি সভাত কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ দ্বাৰা ২০২৪ -২০২৫ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ‘সংহত পৰামৰ্শ আৰু পৰীক্ষা কেন্দ্ৰ’ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ”Prevention of Parent to Child Transmission(PPTCT) ক আৰু বেচৰকাৰী সংন্থা ‘ হিচাপে ৰুৰেল মাল্টিমেডিয়া পাব্লিচিটি এণ্ড প্ৰম্যোশ্যন’ (Rural Multimedia Publicity and Promotion)’ ‘ক পুৰস্কৃত কৰা হয়।  উল্লেখ্য যে উক্ত মুকলি সভাতে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া মৃদুল ভাৰতী নাথে ধূমপানৰ অপকাৰীতা আৰু সজাগতা সম্পৰ্কেও ভাষন প্ৰদান কৰে।

——————————————-

Leave A Reply

Your email address will not be published.