কামৰূপ জিলাৰ ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক অৱসৰকালীন লাভালাভৰ মঞ্জুৰী পত্ৰ প্ৰদান

0 211

আজি আমিনগাঁওস্থিত কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত অনুস্থিত এক অনুষ্ঠানত জিলাখনৰ বিভিন্ন উচ্চতৰ, উচ্চ আৰু এম ই স্কুলৰ মুঠ-১৬ গৰাকী যোৱাকালি অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক তেওঁলোকৰ অৱসৰৰ লিভ এনকেচমেন্টৰ মঞ্জুৰী পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ উপৰি তেওঁলোকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। তদুপৰি এই একেটা অনুষ্ঠানতে দুগৰাকী মৃত শিক্ষকৰ পৰিয়াললৈ অনুকম্পামূলক পেঞ্চনৰ মঞ্জুৰী পত্ৰও প্ৰদান কৰা হয়।
এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ২০১৯ বৰ্ষৰ ৩১ মাৰ্চৰ পৰা এম ই স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ বাবে আৰম্ভ কৰা এই প্ৰক্ৰিয়া পৰৱৰ্ত্তী সময়ত হাইস্কুল তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰি এতিয়ালৈকে অবিৰত ৰূপত ৰূপায়ণ কৰি থকা হৈছে বুলি কয়। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি অতিৰিক্ত উপায়ুক্ত কমল বৰুৱাই অৱসৰ প্ৰাপ্ত শিক্ষক সকলক সমাজলৈ ইতিবাচক বৰঙণি যোগাই যাবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই অৱসৰী শিক্ষক সমাজক কামৰূপ জিলাই আৰম্ভ কৰা অৱসৰী আৰু প্ৰক্তন ছাত্ৰ-ছাত্ৰীৰ শিক্ষামূলক স্বেচ্ছাসেৱা আঁচনিৰ লগত নিজকে জড়িত কৰাই ওচৰৰ যিকোনো বিদ্যালয়ত শিক্ষাদান কৰাৰ বাবে আহ্বন জনায়।
অনুষ্ঠানত কামৰূপ জিলাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বংকিম ভাগৱতী, কামৰূপ জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক ৰফিকুদ্দিন আহমেদেও অৱসৰপ্ৰাপ্ত শিক্ষক সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।অনুষ্ঠানত অৱসৰী শিক্ষক-শিক্ষয়িত্ৰী সকলে কামৰূপ জিলাৰ শিক্ষা বিভাগে লোৱা এনে পদক্ষেপৰ শলাগ লৈ বক্তব্য প্ৰদান কৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.