কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা নিলয়ৰ সহযোগত আজি মদনপুৰৰ মদাৰতলা বিদ্যাপীঠ হাইস্কুলত এটি ধপাত বিৰোধী সজাগতামূলক পদযাত্ৰা অনুষ্ঠিত হয়। বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে তথা কামৰূপ জিলাৰ জিলা তথা সত্ৰ ন্যায়াধীশ ডাৰাক ঊল্লাহৰ নিৰ্দেশ মৰ্মে উদযাপিত এই অনুষ্ঠানত ড° ৰাজেন্দ্ৰ নাথ খাউণ্ডে সমাজত ধপাতৰ কু-প্ৰভাৱ সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰায়। ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই অনুষ্ঠানটোত কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মচাৰী, মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা